ইটানগৰ: অৰুণাচল প্ৰদেশৰ বিশিষ্ট লেখক ডঃ তালাম হৰ নীলমক সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে গুজৰাটস্থিত বেচৰকাৰী সংস্থা Global Scholars Foundation-এ ভাৰতীয় সাহিত্য ৰত্ন সন্মানেৰে সন্মানিত কৰিছে।

দেওবাৰে মহাৰাষ্ট্ৰৰ পুনেত লেখক গৰাকীক এই সন্মান প্ৰদান কৰা হয়।

অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত জন্মগ্ৰহণ কৰা ডঃ নীলমে ৰচনা কৰা কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হৈছে – ‘The Paradise Land & It’s Forgotten Warrior of Sino-Ind War 1962’, ‘The Friend or Foe, Seven Sisters State & It’s Emerging Trends’ আৰু ‘The Economy Dependency with life on Opium and other substances in state of Arunachal Pradesh’।

অৰুণাচল প্ৰদেশৰ পাপুম পাৰে জিলাৰ কিমিন সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ সৰকাৰী চকু চিকিৎসক ডঃ নীলমৰ এগৰাকী সক্ৰিয় সমাজকৰ্মী হিচাপে পৰিচয় আছে।

আন্তঃৰাষ্ট্ৰীয় মানৰ সন্মান ভাৰতীয় সাহিত্য ৰত্ন সাহিত্য ক্ষেত্ৰত উল্লেখনীয় কাম কৰাৰ স্বীকৃতি হিচাপে প্ৰদান কৰা হয়।

লগতে পঢ়ক – Coronavirus updates: দেশত পুনৰ বৃদ্ধি পাইছে কোভিডত আক্ৰান্তৰ হাৰ 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply