নিউজ ডেস্কঃ অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলাত ভয়ংকৰ অগ্নিকাণ্ড। জিলাখনৰ ইংকিয়ঙৰ ইংকিয়ঙ চুপাৰ মাৰ্কেট এলেকাত সংঘটিত হৈছে এই ঘটনা। অগ্নিকাণ্ডত ৫৪টা বাসগৃহ-দোকান ভস্মীভূত হৈছে। স্থানীয় লোকে প্ৰথমে অগ্নি নিৰ্বাপক বাহিনীক খবৰ নিদিয়াকৈ জুই নিৰ্বাপণ কৰিবলৈ চেষ্টা চলাইছিল যদিও জুই অনিয়ন্ত্ৰণ হোৱাত সময়তহে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে। অগ্নিনিৰ্বাপক বাহিনীয়ে প্ৰায় ৯ ঘণ্টাৰ মূৰতহে অগ্নি নিৰ্বাপণ কৰিবলৈ সক্ষম হয়৷ অগ্নিকাণ্ডত প্ৰায় ৪কোটি টকাৰ সা-সম্পত্তি জাহ যায়। এই ঘটনাত কোনো লোক হতাহত হোৱা নাই।

টুটিং-ইংকিয়ং বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা অৰুণাচল প্ৰদেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী আলো লিবাঙে জানিবলৈ দিয়ে যে বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ২.৩০ বজাত ইংকিয়ঙৰ আপাৰ চুপাৰ মাৰ্কেট এলেকাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় যাৰ ফলত ৫৪ টা ঘৰ আৰু দোকান ভস্মীভূত হয়।

ভুক্তভোগী পৰিয়ালবোৰক চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, হোষ্টেল আৰু হোটেললৈ স্থানান্তৰ কৰা হৈছে। লিবাঙে কয় যে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই আৰু এই সন্দৰ্ভত তদন্ত চলি আছে।

লগতে পঢ়কঃদুদিনতে আইআইটি মাদ্ৰাছত ৩০জন কোভিড-১৯ত আক্ৰান্ত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply