নিউজ ডেস্ক: বিগত এসপ্তাহ ধৰি চলি থকা নেৰানেপেৰা বৰষুণ আৰু ভূমিস্খলনৰ ফলত সোমবাৰৰ পৰা ইটানগৰ ৰাজধানী অঞ্চলত পানী যোগান বন্ধ হৈ পৰিছে।
উল্লেখযোগ্য যে ৰাজ্যখনৰ ৰাজধানী ইটানগৰ, নাহৰলগুন, নিৰ্জুলি আৰু বান্দেৰদেৱা ইটানগৰ ৰাজধানী অঞ্চল (ICR) ভিতৰত পৰে।
জনস্বাস্থ্য কাৰিকৰী অভিযান্ত্ৰিক আৰু পানী অনাময় (ইটানগৰ সংমণ্ডল)-ৰ কাৰ্যবাহী অভিযন্তা তাদাৰ মাংকুৱে জনোৱা মতে পোমা পানী পৰিশোধন প্লাণ্ট সংযোগী ৪৫০ মিলিমিটাৰ ব্যাসৰ মূল যোগান লাইনৰ ক্ষতিসাধন হোৱাৰ পিছত সোমবাৰে নিশাৰ পৰা ইটানগৰলৈ খোৱাপানী যোগানত ব্যাঘাত জন্মিছে।
মাংকুৱে কয়, “ক্ষতিসাধন হোৱা অংশটো (যিটো সম্ভৱতঃ জংঘলৰ ভিতৰত আছে) বিচাৰি উলিওৱাৰ প্ৰচেষ্টা চলি আছে যদিও নেৰানেপেৰা বৰষুণৰ বাবে আমি আজি বিচাৰকাৰ্য্য কৰিব পৰা নাছিলো।‘’
বিষয়াগৰাকীয়ে আৰু কয় যে ইটানগৰৰ উপৰিও নাহৰলগুনৰ বিভিন্ন পানী যোগান লাইনো বৰষুণৰ বাবে বন্ধ হৈ পৰিছে।
‘‘লাইনসমূহ পুনৰুদ্ধাৰ কৰিবলৈ প্ৰয়োজনীয় সামগ্ৰীৰ লগতে শ্ৰমিক আৰু যন্ত্ৰপাতি ইতিমধ্যে বিভিন্ন স্থানলৈ প্ৰেৰণ কৰা হৈছে,’’ মাংকুৱে কয়।
ইয়াৰ উপৰি আপাৰ ই এছ এছ ছেক্টৰ, ডনী প’লো কলনী, ডকুম কলনী, এফ-ছেক্টৰ, এফ এণ্ড জি ছেক্টৰ, দূৰদৰ্শন কলনী ডনী প’লো স্কুল এলেকা, গহপুৰ অঞ্চল, চন্দ্ৰনগৰ, বিবেক বিহাৰ, ডেৰা নাটুং মহাবিদ্যালয় এলেকা, আই আৰ বি এন ইটানগৰৰ কলনী, পুলিচ কলনী আদি পুনৰুদ্ধাৰ কাৰ্য্য সম্পূৰ্ণ হৈ নুঠা লৈকে প্ৰভাৱিত হ’ব বুলি জনোৱা হয়।
নাহৰলগুনত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ হৈছে বি-চেক্টৰ, হেলিপেড এলেকা, এ-চেক্টৰ, পাপু পাহাৰ, পাপ্পু নল্লা, প্ৰেছ কলনী, পাচিন কলনী, পৰিবহণ জি এম কাৰ্যালয় এলেকা, ইউপিয়া তিনিআলি, বাৰাপানী, তাকাৰ কলনী ইত্যাদি।
লগতে পঢ়ক – মহানগৰী গুৱাহাটীত পুনৰ জব্দ হৈছে ড্ৰাগছ