প্ৰতিনিধিত্বমূলক ছবি

নিউজ ডেস্ক: কাষৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ অনুসূচীত জনজাতিৰ নামকৰণ সংশোধনী বিধেয়ক গৃহীত কৰি ৰাজ্যখনৰ প্ৰায় ১২ টা জনগোষ্ঠীক সাংবিধানিক স্বীকৃতি প্ৰদান কৰা হ’ল।


এতিয়া ৰাজ্যখনৰ মনপা, ছাজলাং (মিজি), ছাৰটাং, মেম্বা, নক্তা, টাংছা, টুটছা, ৱাংছ’, টাই-খামতি, মিছিমি-কামান (মিজু), ইদু (মিছিমি) আৰু টাৰাওন (ডিগাৰু) ভাৰতীয় সংবিধানিকভাৱে স্বীকৃত হ’ব। স্বাধীনতাৰ ৭৪বছৰৰ অপেক্ষাৰ অন্তত এই জনগোষ্ঠীকেইটাই ভাৰতীয় সংবিধানৰ স্বীকৃতি লাভ কৰিছে। ইমানদিনে অৰুণাচলী জনগোষ্ঠীকেইটাক যথোপযুক্ত নামেৰে সূচিত নকৰাৰ ফলত যথেষ্ট জটিলতাৰ সৃষ্টি হৈছিল।


অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই জনগোষ্ঠীকেইটাৰ নামকৰণ সংশোধনী বিধেয়কক ঐতিহাসিক বুলি অভিহিত কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা কিৰেন ৰিজিজু আৰু মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে।

যি সময়ত অৰুণাচলৰ জনগোষ্ঠীসমূহক সাংবিধানিক স্বীকৃতি দিছে তেনে সময়ত অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ ৰাজ্য চৰকাৰ সমূহে কোনো পদক্ষেপ লোৱা নোলোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰেও বিষয়টো গাপ দি ৰাখিছে।

লগতে পঢ়ক নতুন এছ অ পি মতে কি কি নতুন নিয়ম কৰিলে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply