অৰুণাচল প্ৰদেশৰ সোণালী জয়ন্তী বৰ্ষৰ লগতে ৩৬সংখ্যক ৰাজ্যিক দিৱসত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয়,
অসম আৰু অৰুণাচল প্ৰদেশ দুয়োখন ৰাজ্যৰ জনসাধাৰণে অতীজৰে পৰা ঘনিষ্ঠ সম্পৰ্কৰ লগতে ভাতৃত্ববোধৰ শক্তিশালী বান্ধোন বৰ্তাই ৰাখিছে।
অসম আৰু অৰুণাচল প্ৰদেশ উভয়ৰে ৰাজ্য চৰকাৰে এই বৰ্ষৰ এপ্ৰিলত সীমান্ত অঞ্চলৰ বিবাদ দূৰীকৰণৰ লক্ষ্যৰে আলোচনাত মিলিত হ’ব আৰু এই বৰ্ষৰ ভিতৰতে আমি সৰ্বাধিক সংখ্যক সীমা বিবাদ সমাধান কৰিবলৈ সক্ষম হ’ম বুলি আশা কৰে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মাৰ্গ দৰ্শনত উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ উন্নয়নৰ অবিৰত যাত্ৰা অব্যাহত আছে বুলিও উল্লেখ কৰে।

লগতে পঢ়ক- কাজিৰঙাত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি নতুনকৈ ১৫ টা পৰ্যটন নিবাস,ৰেষ্টুৰেন্ট ,সুৰাৰ বিপনি নিৰ্মাণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,136 other subscribers

Leave a comment

Leave a Reply Cancel reply