নিউজ ডেস্ক: অৰুণাচল প্ৰদেশৰ কিশোৰ মিৰাম টাৰনক চীনা সেনাৰ জিম্মাত থকা অৱস্থাত চলোৱা হৈছিল অমানুষিক অত্যাচাৰ, এই অভিযোগ কিশোৰ গৰাকীৰ পৰিয়ালৰ লোকৰ।

যোৱা ১৮ জানুৱাৰীত অৰুণাচল প্ৰদেশৰ সীমান্তৰ পৰা চীনা সেনাবাহিনীয়ে কৰায়ত্ত কৰি নিয়া ১৭ বছৰীয়া মিৰাম টাৰনক ২৭ জানুৱাৰীত আনজাও জিলাৰ কিবিথুৰ ৱাচা-ডামাইত ভাৰতীয় সেনাক গতাই দিয়া হৈছিল।

মঙলবাৰে আৱেলি ভাৰতীয় সেনাই আপাৰ চিয়াং জিলাৰ টুটিঙত আয়োজিত এক অনুষ্ঠানত মিৰামক তেওঁৰ পৰিয়ালৰ সৈতে পুনৰ মিলিত কৰায়। এই উপলক্ষে কিশোৰ গৰাকীক স্থানীয় প্ৰশাসন তথা পঞ্চায়তৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয়।

উক্ত অনুষ্ঠানত মিৰামৰ পিতৃ ওপাং টাৰনে কয় যে সমগ্ৰ ঘটনাটোত যথেষ্ট ভয় খোৱাৰ ফলত মিৰাম মানসিকভাৱে ভাগি পৰিছে। চীনৰ সেনাবাহিনী (পি এল এ)-ৰ জিম্মাত মিৰামক এসপ্তাহতকৈ অধিক দিন চকু বান্ধি ৰখাৰ হৈছিল বুলি তেওঁ অভিযোগ কৰে।

‘আৰম্ভণিতে (চীনা সেনাই) তাক মৃদু বৈদ্যুতিক শ্বক দিয়াৰ লগতে পিঠিত গুৰিয়াইছিল। জিম্মাত থকা অৱস্থাত তাৰ হাত দুখন বান্ধি থোৱাৰ লগতে তাক বেছিভাগ সময় চকু বান্ধি ৰাখিছিল,’ মিৰামৰ পিতৃয়ে কয়।

যোৱা ১৮ জানুৱাৰীত বন্ধুৰ সৈতে চিকাৰত যোৱা মিৰাম টাৰনক Line of Actual Control-ৰ সমীপৰ লুংটাৰ পৰা চীনা সেনাই কৰায়ত্ত কৰি নিছিল। তেওঁৰ বন্ধু জনি য়ায়িং কোনো মতে চীনা সেনাৰ হাতত ধৰা নপৰাকৈ তাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় আৰু পিছত ঘটনা সম্পৰ্কত প্ৰশাসনক অৱগত কৰে।

উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত ইয়াৰ পূৰ্বেও এনে ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে ২০২০ চনৰ ছেপ্টেম্বৰত আপাৰ সুৱণশিৰিৰ ৫ গৰাকী অৰুণাচলী কিশোৰক চীনৰ সেনাই প্ৰায় এসপ্তাহৰ বাবে কৰায়ত্ত কৰি ৰাখি পিছত আনজাও জিলাৰ এক সীমান্ত অঞ্চলত মুকলি কৰি দিছিল।

লগতে পঢ়ক – চোৰাং চিকাৰী তথ্য দিওতালৈ প্ৰতিটোৰ বাবদ দুই লাখ টকা পুৰস্কাৰ ঘোষণা অসম আৰক্ষীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply