নিউজ ডেস্কঃ অৰুণাচল প্ৰদেশৰ মানমৌ আৰক্ষী থানাৰ অন্তৰ্গত ফিনভিৰু অৰণ্যত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ লগতে বিস্ফোৰক সামগ্ৰী। ভাৰতীয় সেনা আৰু অৰুণাচল প্ৰদেশ আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা এ কে৫৬ ৰাইফল, চাৰি জাঁই সজীৱ গুলী, দুটা ৰাইফল, এটা ২৩ পিষ্টল, এটা মেগজিন, ৩জাঁই সক্ৰিয় গুলী, ৪৫০ গ্ৰাম বিস্ফোৰক সামগ্ৰীৰ লগতে ৪০গ্ৰাম ড্ৰাগছ।

লগতে পঢ়কঃজুবিন গাৰ্গৰ সংগীত অনুষ্ঠানত উত্তপ্ত পৰিস্থিতি, আৰক্ষীৰ লাঠীচালনা

উদ্ধাৰ হোৱা সামগ্ৰীখিনি সেনাই মানমৌ আৰক্ষীক চমজাই দিয়ে। উল্লেখ্য যে, যোৱা দুদিন ধৰি উক্ত অঞ্চলটোত সেনা-আৰক্ষীয়ে উগ্ৰপন্থী বিৰোধী অভিযান চলাই আছে। ফিনভিৰু অৰণ্যত এতিয়াও সেনাৰ অভিযান অব্যাহত আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply