নিউজ ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত শুকুৰবাৰে প্ৰতিক্ৰিয়া ব্যক্তি কৰে। আম আদমী পাৰ্টিৰ নেতা কুমাৰ বিশ্বাসে কেজৰিৱালৰ বিৰুদ্ধে শেহতীয়াকৈ উত্থাপিত অভিযোগৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীক লক্ষ্য কৰি লৈছে বিৰোধীয়ে। তাৰপাছতে সাংবাদিকৰ আগত দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে কয়- ‘তেওঁলোকে মোক সন্ত্ৰাসবাদী বুলি কৈছে। মই পৃথিৱীৰ আটাইতকৈ ভাল সন্ত্ৰাসবাদী, মই হাস্পতাল নিৰ্মাণ কৰিছে।’
লগতে তেওঁ কয় যে- ‘মোডী, ৰাহুল, প্ৰিয়ংকাই সকলোৱে মিলি কৈছে যে কেজৰিৱালে যোৱা ১০ বছৰত দেশক দুই ভাগত বিভক্ত কৰাৰ পৰিকল্পনা কৰিছে। এই মন্তব্য হাস্যকৰ। ৩ বছৰ কংগ্ৰেছ চৰকাৰ আৰু ৭ বছৰ মোডী চৰকাৰে কি কৰি আছিল? মই চাগে পৃথিৱীৰ আটাইতকৈ ভাল সন্ত্ৰাসবাদী। কিয়নো মই বিদ্যালয়, হাস্পতাল নিৰ্মাণ কৰো। ১০০ বছৰ পূৰ্বে ভগত সিঙকো সন্ত্ৰাসবাদী সজোৱা হৈছিল। মই ভগত সিঙৰ ভক্ত। মই জানিব পৰা মতে, মোৰ বিৰুদ্ধে এনআইএত এজাহাৰ দাখিল কৰা হ’ব।’
‘আমাৰ কি ভুল আছে? আমি শিক্ষা, স্বাস্থ্য, বিদ্যুৎ, কৰ্ম সংস্থাপন কথা কওঁ। দিল্লীৰ দৰে পঞ্জাৱতো এনে পৰিৱেশ-পৰিস্থিতি সৃষ্টি কৰাৰ চেষ্টা চলাইছো। কিন্তু তেওঁলোকে এনে হোৱাতো নিবিচাৰে। ৭০ বছৰ ধৰি পঞ্জাৱক সকলো ৰাজনৈতিক দলে লুটিলে। ৰাজ্যখনৰ নৱপ্ৰজন্মক নিবনুৱা কৰিলে। এইবোৰ সকলো সলনি কৰাৰ সময় এয়া’- বুলিও সাংবাদিকৰ আগত কয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।