নিউজ ডেস্কঃ আম আদমী পাৰ্টিৰ মুৰব্বী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে- গুজৰাটৰ বিদ্যালয়সমূহৰ পৰিস্থিতি বাস্তৱ ৰূপত বৰ বিশেষ ভাল নহয়। তেওঁ লগতে কয় যে- ‘গুজৰাটত প্ৰায় ৬ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ কৰি দিয়া হৈছে। বহু বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থা। আমি গুজৰাটৰ শিশুসকলৰ ভৱিষ্যৎ সলনি কৰিব পাৰো। যিধৰণে আমি দিল্লীত কৰিছো।’

দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ‘গুজৰাটত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে। ৰাজ্যখনে এই ক্ষেত্ৰত বিশ্ব ৰেকৰ্ড বনাইছে। গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে প্ৰশ্নকাকত ফাদিল নোহোৱাকৈ এটা পৰীক্ষা অনুষ্ঠিত কৰি দেখাওঁক যদি পাৰে, মই প্ৰত্যাহ্বান জনাইছো। মোক গুজৰাটবাসীয়ে এবাৰ সুযোগ দিয়ক। যদি ৰাজ্যখনৰ বিদ্যালয়সমূহৰ উন্নতি নকৰো তেন্তে মোক দলিয়াই পঠিয়াব।’

ৰাজধানী দিল্লীৰ বিদ্যালয়সমূহৰ বিষয়ে উল্লেখ কৰি কেজৰিৱালে কয়- ‘দিল্লীত ধনী আৰু দৰিদ্ৰ পৰিয়ালৰ সন্তানে একেলগে পঢ়ে। দিল্লীত এইবাৰ ৯৯.৭ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। মই গুজৰাটৰ মুখ্যমন্ত্ৰীক দিল্লীলৈ নিমন্ত্ৰণ জনাইছো। আহক দিল্লীলৈ আৰু তাত বিদ্যালয়-হাস্পতালসমূহ চাওঁক।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply