বলীউডত পুনৰ ওলাল ড্ৰাগছৰ খবৰ | এইবাৰ ষ্টাৰ নহয় ষ্টাৰপুত্ৰ ধৰা পৰিল ড্ৰাগছ ব্যবহাৰ কৰি । যোৱা নিশা মুম্বাইৰ পৰা গোৱা অভিমুখী বিলাসী ক্ৰুজত বিশেষ অভিযান চলাই ৮জনক আটক কৰিছে নাৰক’টিক্স কন্ট্ৰ’ল ব্যুৰো (এনচিবি)য়ে।
বলীউদৰ তাৰকা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানকো জেৰা কৰা হৈছে। দেওবাৰে তেওঁলোকক মুম্বাইলৈ অনা হৈছে।
শনিবাৰে নিশা বিলাসী ক্ৰুজত ড্ৰাগছ কাণ্ডৰ কথা পোহৰলৈ আহে। মুম্বাইৰ পৰা গোৱালৈ ৰাওনা হোৱা কৰ্ডেলিয়া নামৰ বিলাসবহুল ক্ৰুজত এনচিবিৰ বিষয়াসকলে যাত্ৰীৰ বেশত গৈছিল। ক্ৰুজৰ ভিতৰত পাৰ্টি চলি থকাৰ আৰু তাত ড্ৰাগছ সেৱন কৰাৰ গোপন খৱৰ লাভ কৰে এনচিবিৰ অভিযানকাৰী দলে।
লগতে পঢ়ক- শ্বেৰমান আলিক দলৰ পৰা বহিষ্কাৰ কৰাৰ প্ৰস্তাব ল’লে কংগ্ৰেছ বিধায়িনী দলে
এনচিবিৰ বিষয়াসকলে ইয়াৰে ৮জনক আটক কৰে। শ্বাহৰুখৰ পুত্ৰ আৰিয়ানকো জেৰা কৰা হৈছে। এনচিবিৰ বিষয়াই আৰিয়ানক জেৰা কৰা কথা স্বীকাৰ কৰিছে।এনচিবিৰ দলটোৱে বহু পৰিমানৰ ড্ৰাগছ জব্দ কৰে। ক্ৰুজখনৰ পৰা তেওঁলোকে জব্দ কৰে কোকেইন, হাছিছ তথা এমডিএমএৰ দৰে ড্ৰাগছ।
এন বিচিয়ে প্ৰকাশ কৰা তথ্য মতে এই পাৰ্টিৰ পৰা গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত আছে আৰিয়ান খানৰ উপৰিও মুনমুন ধামেছা, নুপুৰ ছাৰিকা, ইছমিত সিং, মোহাক জয়চোৱাল, বিক্ৰান্ত ছৌকাৰ, গুমিত চৌপ্ৰা আৰু আৰবাজ মাৰ্চেন্ট ।