নিউজ ডেস্কঃ বলিউডৰ কিং খানৰ পুত্ৰ আৰিয়ান খানৰ ক্ৰুজ ড্ৰাগছ ঘটনাক লৈ চাৰ্জশ্বিট দাখিল কৰিবলৈ এনচিবিৰ বিশেষ অনুসন্ধানকাৰী দলক আৰু ৬০ দিনৰ সময়ত দিয়া হৈছে। এনচিবিয়ে ন্যায়ালয়ৰ পৰা এই চাৰ্জশ্বিট দাখিল কৰিবলৈ ৯০ দিনৰ সময় বিচাৰিছিল যদিও ন্যায়াধীশ বি বি পাটিলে ৬০ দিনৰহে সময় দিয়ে।
ইফালে, এনচিবিৰ তৰফৰ পৰা অধিবক্তা অদ্বেত সেঠনাই ন্যায়ালয়ত কয় যে- ‘পুনেৰ চিএফএছএল লেবলৈ প্ৰেৰণ কৰা ১৭টা নমুনাত ছাইকোট্ৰোপিক ড্ৰাগছ পজিটিভ পোৱা গৈছে। ইয়াৰ অৰ্থ হ’ল- আমাৰ তদন্ত সঠিক দিশত আগবাঢ়ি আছে।’
উল্লেখ্য যে, এই ক্ৰুজ ড্ৰাগছ ঘটনাৰ তদন্তত ৬৯ গৰাকী লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। এনচিবিয়ে এই ঘটনাত আৰিয়ান খানসহ ১৯ জনক অভিযুক্ত বুলি জনাইছিল। যোৱা ৩ অক্টোবৰ, ২০২১ত মুম্বাইত এখন ক্ৰুজৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানক। অৱশ্যে পাছত তেওঁক জামিন প্ৰদান কৰা হয়।