নিউজ ডেস্ক : জামিন লাভ কৰিলে বলিউডৰ বাদশ্বাহ ছাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে। ড্ৰাগছৰ গোচৰত নাৰ্ক’টিক্স কন্ট্ৰল ব্যূৰ’ৰ হাতত গ্ৰেপ্তাৰ হৈ বিগত ২৫ দিন ধৰি কাৰাবন্দী হৈ আছিল ২৩ বছৰীয়া আৰিয়ান।

বৃহস্পতিবাৰে বম্বে উচ্চ ন্যায়ালয়ে আৰিয়ান খানৰ লগতে তেওঁৰ সৈতে একেটা গোচৰত গ্ৰেপ্তাৰ হোৱা আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেচাৰোৰ জামিন মঞ্জুৰ কৰে।

আৰিখানৰ খানৰ অধিবক্তা মুকুল ৰোহতগীয়ে আৰিয়ানক মিছা গোচৰত গ্ৰেপ্তাৰ কৰা বুলি কৈ অভিযোগ কৰিছিল, যোৱা মঙলবাৰে হোৱা শুনানিত ৰোহতগীয়ে কৈছিল যে আৰিয়ানৰ বিৰুদ্ধে এন চি বিৰ ওচৰত কোনো সাক্ষ্য নাই।

উল্লেখযোগ্য যে যোৱা ৩ অক্টোবৰত মুম্বাইত এখন ক্ৰজ জাহাজত এন চি বিয়ে অভিযান চলাই সতীৰ্থসহ আৰিয়ান খানক গ্ৰেপ্তাৰ কৰিছিল। নাৰ্কোটিক্স কন্ট্ৰল ব্যুৰ’ৰ বিশেষ আদালতে তেওঁৰ জামিন নাকচ কৰাত যোৱা সপ্তাহত আৰিয়ানৰ অধিবক্তা বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপে।

অৱশেষত আৰিয়ান খানৰ আৱেদনৰ ওপৰত শুনানি গ্ৰহণ কৰি ন্যায়াধীশ এন ডব্লিউ ছাম্বৰেই জামিন মঞ্জুৰ কৰে।

লগতে পঢ়ক : ছাহৰুখ খানৰ পৰা ২৫ টকা দাবী Narcotics Control Bureau-ৰ!

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply