নিউজ ডেস্কঃ উত্তৰপ্ৰদেশৰ লখিমপুৰত কৃষকক মহতীয়াই নিয়া ঘটনাৰ মুল অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰাৰ পুত্ৰৰ আশীষ মিশ্ৰাক মঙলবাৰে জে’লৰ পৰা মুকলি কৰা হয়। উচ্চ ন্যায়ালয়ে ৫ দিনৰ পূৰ্বে তেওঁক জামিন প্ৰদান কৰে।

লক্ষণীয় যে, উত্তৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা অৰ্থাৎ ১০ ফেব্ৰুৱাৰী, ২০২২ আশীষ মিশ্ৰাৰ জামিন আৱেদন মঞ্জুৰ কৰা হয়। আৰু আজি অৰ্থাৎ ১৫ ফেব্ৰুৱাৰীত তেওঁ জে’লৰ বাহিৰত মুকলি আকাশৰ তললৈ আহে।

ইফালে, আশীষ মিশ্ৰাৰ অধিবক্তা অবধেশ কুমাৰ সিঙে সাংবাদিকৰ কয় যে- ন্যায়ালয়ে তিনি তিনি লাখ টকাৰ দুটা জামিনৰ দাবী কৰিছিল। কিন্তু চহৰৰ বাহিৰত যোৱাত কোনো ধৰণৰ বাধা আৰোপ কৰা নাই। ইফালে, উচ্চ ন্যায়ালয়ে আশীষ মিশ্ৰাৰ জামিন মঞ্জুৰ কৰি আৰক্ষীৰ তদন্তক লৈও প্ৰশ্ন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply