নিউজ ডেস্কঃ এগৰাকী মাতৃৰ বাবে নিজৰ সন্তানৰ কৃতকাৰ্যতাই কিমান গৌৰৱ তথা শিৰ উচ্চ কৰিব পাৰে সেইটো নক’লেও উমান কৰিব পাৰি।
তাতে আকৌ পিতৃ-মাতৃ যি বিভাগত কৰ্মৰত পুত্ৰ যদি সেই বিভাগৰে উচ্চপদস্থ বিষয়া হয় তেনেহ’লে কিমান পিতৃ-মাতৃৰ বাবে সেইয়া কিমান সৌভাগ্যৰ বিষয়।
ঠিক তেনে এক আনন্দৰ সৌভাগ্য ঘটিল গুজৰাট আৰক্ষীত এছআই হিচাপে নিযুক্ত এগৰাকী আৰক্ষী মাতৃৰ। মাতৃ সন্মুখত যেতিয়া ডিএছপি হিচাপে তেওঁৰ নিজৰ পুত্ৰ থিয় হৈ আছিল হয়তো সেই আনন্দক বুজাবলৈ মাতৃৰ কোনো ভাষা নাছিল।
গৰ্ব আৰু আনন্দত জন্মদাত্ৰীয়ে শিৰ উচ্চ কৰি পুত্ৰক ছেল্যুট মাৰা সেই দৃশ্যই এতিয়া ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে।
লগতে পঢ়কঃএন আৰ এলৰ ডেপুটী জেনেৰেল মেনেজাৰ নীহাৰ প্ৰসাদ শৰ্মাক গ্ৰেপ্তাৰ
এছআই গৰাকীৰ পুত্ৰ গুজৰাট আৰক্ষীৰ এজন ডি এছ পি। কৰ্তব্যৰত অৱস্থাতে মুখামুখি হ’ল মাতৃ-পুত্ৰ। ওপৰৱালা বিষয়াক মৰাৰ দৰে লগে লগে মাকে ছেল্যুট মাৰিলে ডি এছ পি পুত্ৰ বিশাল ৰাবাৰীক। সেই ছেল্যুটত আছিল গৰ্ব, অহংকাৰ, আনন্দ।
মাতৃ- পুত্ৰৰ এই আকৰ্ষণীয় ছবিখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি গুজৰাট আৰক্ষী সেৱা আয়োগৰ অধ্যক্ষ দীনেশ দাছাই লিখিছে, “এগৰাকী এএছআই মাতৃৰ বাবে ইয়াতকৈ অধিক সন্তোষজনক আৰু কি হ’ব পাৰে যেতিয়া তেওঁৰ সন্মুখত তেওঁৰ ডিএছপি পুত্ৰ থিয় হৈ আছে ।”
মুহূৰ্ততে ভাইৰেল হৈ গ’ল গৰ্বিত মাতৃ আৰু ভাগ্যশীল পুত্ৰৰ সেই যুগলবন্দী।