নিউজ ডেস্কঃ ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ মাজতে প্ৰাণ হেৰুৱালে এজন ভাৰতীয় ছাত্ৰই। যুদ্ধৰ মাজতে নবীন শেখৰপ্পা জ্ঞানগৌড়া নামৰ ভাৰতীয় ছাত্ৰজনৰ মৃত্যু হয়। এই ঘটনাৰ পূৰ্বে নবীনে ইউক্ৰেইনৰ খাৰ্কিৱৰ পৰা দিনৰ ভাগত দুবাৰ পৰিয়ালৰ লোকৰ সৈতে ফোনযোগে কথা পাতিছিল।

ছাত্ৰজনৰ পিতৃয়ে সাংবাদিকৰ আগত কয় যে- নবীনক তেওঁলোকে ফোন কৰিছিল কিন্তু সি ফোনটো ধৰা নাছিল। দিনৰ ২ বজাত বিদেশ মন্ত্ৰাণলয়ে ফোন কৰি ৰাছিয়াৰ আক্ৰমণত মোৰ পুত্ৰৰ মৃত্যু হৈছে বুলি জনাইছিল।

লগতে তেওঁ কয়- মোক দিনৰ ২ বজাত বিদেশ মন্ত্ৰণালয়ে ফোন কৰি মোৰ পুত্ৰৰ মৃত্যুৰ খবৰ দিয়াৰ পাছত বিয়লি ৪.৩০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ফোন কৰিছিল। মই সকলোকে মোৰ পুত্ৰৰ মৃতদেহটো ঘূৰাই আনিবলৈ অনুৰোধ কৰিছো। তেতিয়া তেওঁলোকে কৈছে যে- দুদিনৰ ভিতৰত আমি আপোনাৰ পুত্ৰৰ মৃতদেহ লৈ অনা ব্যৱস্থা কৰিম।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply