গুৱাহাটীঃ অসমবাসীৰ বাবে এক সুখবৰ। আন্তঃৰাষ্ট্ৰীয় আলোচনীৰ আইকনিক লেখকৰ তালিকাত স্থান লাভ কৰিছে এগৰাকী অসম সন্তানে।
ছিংগাপুৰ আৰু নতুন দিল্লীৰ পৰা প্ৰকাশিত ‘এস্থেটিকছ্ ইন্টাৰনেচনেল’ নামৰ আন্তঃৰাষ্ট্ৰীয় আলোচনীখনে প্ৰস্তুত কৰা ভাৰতৰ আইকনিক লেখকৰ তালিকাত বহু কেইগৰাকী প্ৰখ্যাত লেখকৰ সৈতে নলবাৰীৰ নীলিম আকাশ কাশ্যপৰ নামো অন্তৰ্ভুক্ত হৈছে। নীলিম আকাশ কাশ্যপে ২০২১ চনত প্ৰকাশিত ‘ফিফথ হেণ্ড ৱাইফ’ নামৰ উপন্যাসৰ জৰিয়তে ভাৰতীয় ইংৰাজী সাহিত্যত আত্মপ্ৰকাশ কৰিছে। ভাৰতৰ এক আগশাৰীৰ প্ৰকাশন গোষ্ঠী ‘ৰেডগ্ৰিউ’য়ে এই উপন্যাসখন প্ৰকাশ কৰিছে। এই উপন্যাসখন লেখকে ভাৰতৰ কোনো কোনো প্ৰান্তত চলি অহা কইনা ক্ৰয়ৰ দৰে এক অবিশ্বাস্য প্ৰথাৰ ওপৰত ৰচনা কৰিছে।
আন্তঃৰাষ্ট্ৰীয় আলোচনীখনে প্ৰস্তুত কৰা তালিকাত নীলিম আকাশ কাশ্যপৰ উপৰিও ৰোহিত দাৱেশ্বৰ, দেশৰ সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থৰ জনপ্ৰিয় লেখক নীল ডি ছিলভা, অনিৰ্বাণ ভট্টাচাৰ্য, অভিৰূপ ধৰ, কোৰাল দাসগুপ্ত, চিৰাশ্ৰী বসু, স্মিতা আগৰৱালা, সৌৰভ মুখাৰ্জী, তনুশ্ৰী পোদ্দাৰ, নিধি উপাধ্যায়, পেট্ৰিচিয়া ডিচুজা, সন্ধ্যা ৰংগনাথন, দীপ্তি মেনন, মঞ্জিৰী প্ৰভু, কেভিন মিছাল, বিশ ধামিঝা, ৰাহুল চাইনী, সন্দীপ শৰ্মা, আকাশ বাৰ্মা আদিৰ দৰে প্ৰখ্যাত লেখকে স্থান পাইছে।
আলোচনীখনৰ প্ৰতিষ্ঠাপক তন্ময় শৰ্মাই জনোৱা মতে, এই আলোচনীখনে প্ৰস্তুত কৰা তালিকাত স্থান পোৱা লেখকসকলৰ লেখাসমূহ ভাৰতৰ প্ৰতিষ্ঠিত লেখকৰ বিশেষ সংখ্যা হিচাপে প্ৰকাশ কৰিব।
ঔপন্যাসিক তথা গল্পকাৰ নীলিম আকাশ কাশ্যপে ‘সোণৰ খাৰু কলিজাৰ ছাঁ’, ‘লাজ’, ‘জোনাকৰ পখী উৰে, ‘জেছিউলিটা’ আদিকে ধৰি অসমীয়া সাহিত্যতো বহুকেইখন উপন্যাস ৰচনা কৰিছে।
‘ফিফ্থ হেণ্ড ৱাইফ’ নামৰ ইংৰাজী ভাষাৰ এই উপন্যাসখনে দেশৰ লগতে বিদেশৰ পঢ়ুৱৈৰো দৃষ্টি আকৰ্ষণ কৰিবলৈয়ো সক্ষম হৈছে। ‘এস্থেটিকছ্ ইন্টাৰনেচনেল’ আলোচনীখনৰ আইকনিক লেখকৰ তালিকাত নীলিম আকাশ কাশ্যপে স্থান পোৱাৰ খবৰে এতিয়া উৎফুল্লিত কৰি তুলিছে নলবাৰীবাসী ৰাইজক।