গুৱাহাটী: অসমৰ এগৰাকী যুৱতী ৰাজস্থানত ধৰ্ষণৰ বলি হ’বলগীয়া এক ঘটনা পোহৰলৈ আহিছে। প্ৰাপ্ত তথ্য মতে যোৱা শুকুৰবাৰে নিশা ৰাজস্থানৰ চুৰু জিলাত চাৰিজন যুৱকে অসমৰ এগৰাকী যুৱতীক ধৰ্ষণ চলাই বিল্ডিঙৰ ওপৰৰ পৰা বাহিৰলৈ পেলাই দিছিল।
ঘটনা সম্পৰ্কত ৰাজস্থানৰ আৰক্ষী সঞ্চালক প্ৰধান এম এল লাথেৰে ইষ্টম’জ’ক কয়, ‘অভিযুক্ত যুৱক কেইজনক আটক কৰি তেওঁলোকৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰা হৈছে। চুৰু জিলাৰ আৰক্ষী অধীক্ষকে এটা গোচৰ ৰুজু কৰি তদন্ত চলাই আছে।’
জানিব পৰা মতে ২৫ বছৰীয়া ভুক্তভোগী যুৱতী গৰাকীৰ ঘৰ ধুবুৰীত। কৰ্মসূত্ৰে দিল্লীৰ ৰোহিনী অঞ্চলত বাস কৰা যুৱতীগৰাকীক অভিযুক্ত এজন যুৱকে চাকৰিৰ প্ৰলোভন দি ৰাস্থানলৈ মাতি নিছিল।
অভিযোগ অনুসৰি শুকুৰবাৰে নিশা চাৰিজন যুৱকে যুৱতী গৰাকীক ধৰ্ষণ কৰি এটা বিল্ডিঙৰ প্ৰথম মহলাৰ পৰা তললৈ পেলাই দিছিল যদিও এটা খুঁটাত লাগি ধৰাত তেওঁৰ প্ৰাণ ৰক্ষা পৰিছিল। ‘অভিযুক্ত কেইজনে ভুক্তভোগী যুৱতী গৰাকীক গতিয়াই দিছিল কিন্তু তেওঁ এটা খুঁটাত লাগি ধৰে,’ চুৰুৰ আৰক্ষী অধীক্ষকে কয়।
অভিযুক্ত কেইজনক ভৱানী সিং, দেবেন্দ্ৰ সিং, সুনীল ৰাজপুট আৰু বিক্ৰম সিং বুলি চিনাক্ত কৰা হৈছে। আটাইকেইগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি এইপৰ্য্যন্ত তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে উল্লেখ কৰে।
আনহাতে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি জনোৱা মতে অসম আৰক্ষীয়ে ঘটনা সম্পৰ্কত ৰাজস্থান আৰক্ষীৰ সৈতে যোগাযোগ চলাই আছে আৰু আটাইকেইগৰাকী দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিবলৈ ৰাজস্থান আৰক্ষীক অনুৰোধ জনাইছে।
লগতে পঢ়ক – কমনৱেল্থ গে’মছৰ বাবে মিৰাবাই চানুয়ে বঢ়ালে ওজন; নতুন শাখাত খেলিব