নিউজ ডেস্ক: অসমকে ধৰি উত্তৰ-পূবৰ তিনিখন ৰাজ্যৰ বাবে এক ভাল খবৰ। কেইবা দশকৰ পিছত কেন্দ্ৰীয় চৰকাৰে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ অধীনত থকা অসম, নাগালেণ্ড আৰু মণিপুৰত হ্ৰাস পাব আফস্পা অধীনস্থ অঞ্চল।
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি এই কথা ঘোষণা কৰে। ‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি কেইবা দশকৰ পিছত নাগালেণ্ড, অসম আৰু মণিপুৰত আফস্পাৰ অধীনত পৰা অশান্ত অঞ্চল হ্ৰাস কৰিব,’ শ্বাহে টুইট কৰি কয়।
উত্তৰ-পূবত উগ্ৰপন্থীৰ সমস্যা সমাধান কৰি স্থায়ী শান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ বাবে নৰেন্দ্ৰ মোদীৰ চৰকাৰে গ্ৰহণ কৰা দৃঢ় প্ৰচেষ্টাৰ বাবে এইয়া সম্ভৱ হৈ উঠিছে বুলি অমিত শ্বাহে লগতে উল্লেখ কৰে।
চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইয়াক আদৰণি জনায়। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূবত শান্তি, প্ৰগতি আৰু নিৰাপত্তাৰ এক নতুন অধ্যায় আৰম্ভ হৈছে বুলি সোণোৱালে কয়।
উল্লেখযোগ্য যে ২০২৩ চনত উত্তৰ-পূবৰ তিনিখন ৰাজ্য ক্ৰমে নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত বিশেষ তাৎপৰ্য্য বহন কৰিছে।
বিগত বৰ্ষৰ ডিচেম্বৰত নাগালেণ্ডৰ মন জিলাত নিৰাপত্তা বাহিনীৰ গুলীত দুটা দিনত মুঠ ১৪ জনকৈ লোকে প্ৰাণ হেৰোৱাৰ পিছত নাগালেণ্ডৰ লগতে সমগ্ৰ উত্তৰ-পূবৰ পৰা আফস্পা প্ৰত্যাহাৰৰ দাবী উঠিছিল।
লগতে পঢ়ক – জানক কিদৰে আপোনাৰ Aadhaar কাৰ্ডৰ সৈতে PAN লিংক কৰিব