অসম-মেঘালয়ৰ মাজত হৈ থকা দীৰ্ঘদিনীয়া সীমা বিবাদক লৈ প্ৰথম পৰ্যায়ৰ আলোচনাৰ পিছত এতিয়া দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ বাবে সাজু হৈছে দুয়ো মুখ্যমন্ত্ৰী। দ্বিতীয় পৰ্যায়ৰ আলোচনা চলিত বৰ্ষৰ জুন-জুলাই মাহত হোৱাৰ ইংগিত দিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

দ্বিতীয় পৰ্যায়ৰ আলোচনাত বাকী ৰৈ যোৱা বিবদমান ৬টা অঞ্চলৰ ওপৰত আলোচনা হ’ব। যোৱা ২৯ মাৰ্চত অসম-মেঘালয় চৰকাৰে বিবাদমান ১২টা ক্ষেত্ৰৰ ভিতৰত ৬ টা ক্ষেত্ৰত সীমা বিবাদ নিষ্পত্তি ৰখাৰ বাবে দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত এক চুক্তি স্বাক্ষৰ কৰিছিল।

সেই সময়তে দুয়োখন ৰাজ্যৰ মাজত বাকী থকা বিবদমান অঞ্চলবোৰক লৈ কিছু প্ৰত্যাহ্বান হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছিল। কাৰণ বাকী থকা ৬ টা বিবদমান অঞ্চলৰ দুয়োখন ৰাজ্যৰ সীমামূৰীয়া বাসীয়ে আনখন ৰাজ্যলৈ যোৱাৰ ক্ষেত্ৰত সহমতত অহা নাই।


দ্বিতীয় পৰ্যায়ৰ আলোচনাত লাম্পী, খণ্ড১ আৰু খণ্ড ২ ৰ দৰে অতি বিবদমান অঞ্চলো আছে। এই অঞ্চল সমূহৰ ক্ষেত্ৰত কি সিদ্ধান্ত লোৱা হয় সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষ্যণীয়। কাৰণ মেঘালয় চৰকাৰে অহা বছৰত হ’ব লগা ৰাজ্য বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে সীমা সমস্যা সমাধান কৰাৰ বাবে উঠিপৰি লাগিছে।

আনহাতে চৰকাৰে সীমা সমস্যাক সমাধানৰ চেষ্টা চলাই থকা সময়তে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান তৃণমূল কংগ্ৰেছৰ নেতা মুকুল চাংমাইয়ে অসম বিদ্বেষী চক্ৰটোক উচতনি মূলক মন্তব্য কৰাৰ অভিযোগ উঠিছে।

ঘটনাৰ বিৱৰণী মতে অসম-মেঘালয় সীমাক কেন্দ্ৰ কৰি বকো অঞ্চলত উত্তেজনাই বিৰাজ কৰি থকাৰ সময়ত মেঘালয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে বকো থানাৰ অন্তৰ্গত আৰু মেঘালয় ৰাজ্যৰ ভৌগোলিক সীমাৰ কাষত অৱস্থিত শালবাৰী গাঁৱত অসমবিদ্বেষী চক্ৰৰ সৈতে মিলিত হৈ সভা অনুষ্ঠিত কৰে ।

এনেবোৰ ঘটনাই পুনৰ আতংকই বিৰাজ কৰাৰ সম্ভাবনা ব্যক্ত কৰে সীমান্তত বসবাস কৰা শান্তিপ্ৰিয় ৰাইজে। একাংশ সমাজ-সংগঠনে প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাৰ এয়া ৰাজনৈতিক অভিসন্ধি বুলি আখ্যা দিছে । অহা বৰ্ষত মেঘালয়ত বিধান সভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাবেই কুছকাৱাজ চলোৱাৰ অভিযোগ ৰাইজৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply