অসম মেঘালয়ৰ সীমা সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আজি দিল্লীলৈ ৰাওনা হ’ব। দিল্লীত দুয়ো গৰাকী নেতাই গৃহ মন্ত্ৰী অমিত শ্বাহক লগ ধৰাৰ কথা। যাত্ৰাৰ পূৰ্বেই মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাত দিয়া তথ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।
অসম মেঘালয়ৰ সীমা বিবদমান ৩৬ খন গাঁৱৰ ৩০ খনেই থাকিব মেঘালয়ৰ দখলত। ৰাজধানী দিছপুৰৰ কাষতে থকা খানাপাৰা আৰু পিলিংকাটাৰ ৬খন বিবদমান গাৱৰ ৫ খনেই মেঘালয়ৰ অধীনলৈ যাব। এই বিস্ফোৰক তথ্য বিধানসভাৰ মজিয়াত দাঙি ধৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমায়ে।
দুয়োখন ৰাজ্যৰ সীমাবিবাদ সম্পৰ্কে অবগত কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু জনোৱা মতে বিবদমান ৩৬.৯ বৰ্গ কিলোমিটাৰ এলেকাৰ ভিতৰত ১৮ বৰ্গ কিলোমিটাৰ মেঘালয়ৰ সীমাৰ ভিতৰত সোমাব বুলি বিধানসভাত জনাই।
বিবদমান ৩৬ খন গাৱৰ ৩০ খনেই মেঘালয়ত চামিল হ’ব বুলি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী গৰাকীয়ে জনোৱা তথ্যই তাৎপৰ্য বহন কৰিছে। ইয়াৰ ভিতৰত তাৰাবাৰী অঞ্চলত ৮ খন,হাঁহিমত ১১ খন, গিজাঙত ২ খন, বকলাপাৰাৰ এখন, ৰাতাচেৰাৰ ৩খন আৰু খানাপাৰা আৰু পিলিংকাটাৰ বিবদমান ৬খনৰ ৫খনেই নিজৰ সীমাৰ ভিতৰলৈ নিবলৈ সাজু হৈছে মেঘালয়। মুখ্যমন্ত্ৰী কনৰাড চাংমায়ে বিধানসভাৰ মজিয়াত এই তথ্য প্ৰকাশ কৰাৰ পিছত অসম চৰকাৰ কেনে ধৰনৰ বুজাবুজিত উপনীত হৈছে সেই সম্পৰ্কে এতিয়া প্ৰশ্ন উঠিছে।