আইজল পালেগৈ অসমৰ দুই মন্ত্ৰী

অসম–মিজোৰাম সীমা সংঘাতৰ ভয়াবহ ৰূপ লোৱাৰ পিছতেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মিজোৰামৰ আইজললৈ ৰাওনা হয় মন্ত্ৰী অতুল বৰা আৰু অশোক সিংঘল। মন্ত্ৰী দুগৰাকীৰ সৈতে মিজোৰামলৈ গৈছে সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ আয়ুক্ত তথা সচিব জি ডি ত্ৰিপাঠীও।


অসম-মিজোৰাম সীমান্তত স্থায়ী শান্তি আৰু দুয়োখন ৰাজ্যৰ মাজত একতাৰ এনাজৰী সুদৃঢ় কৰাৰ লক্ষ্যৰে পাৰস্পৰিক আলাপ-আলোচনাত মিলিত হোৱাৰ কথা মন্ত্ৰী দুগৰাকী।


মুখ্যমন্ত্ৰী ড° শৰ্মাৰ বাৰ্তা লৈ আইজলত উপস্থিত হৈ দুই মন্ত্ৰীয়ে আলোচনাত মিলিত হ’ব মিজো মুখ্যমন্ত্ৰী জোৰামথাংগাৰ সৈতে৷ কেনেদৰে আলোচনাৰ মাজেৰে অগ্নিগৰ্ভা আৰু দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তি কৰিব পৰা যাব, সেই বিষয়ত দুয়ো পক্ষই প্ৰাথমিক পৰ্যায়ত আলোচনাত মিলিত হ’ব৷

প্ৰাৰম্ভিক আলোচনাৰ ফলাফল কি হয় তাৰ ওপৰতেই দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধানৰ দিশটো বহুখিনি নিৰ্ভৰ কৰিছে | কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দুয়োখন ৰাজ্যক আলোচনাৰ মাজেৰে সমস্য সমাধানৰ নিৰ্দেশ দিছিল ।

লগতে পঢ়ক অধ্যক্ষই বিৰোধীক উগ্ৰপন্থীৰ লগত তুলনা কৰাৰ পাছতেই উত্তাল সদন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply