নিউজ ডেস্ক: অসম মিজোৰাম সীমান্তত যোৱা ২৬ জুলাইত মিজো আৰক্ষীৰ বৰ্বৰ কান্ডৰ পিছতো মিজোৰামৰ আগ্ৰাসন কমা নাই | কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সৈতে দুয়োখন ৰাজ্যৰ মুখ্যসচিব আৰু আৰক্ষী সঞ্চালকৰ বৈঠকত বিবাদমান এলেকা সদ্যহতে কেন্দ্ৰীয় সুৰক্ষা বাহিনীক দায়িত্ব দিয়াত সহমত পোষণ কৰে দুয়োখন ৰাজ্য চৰকাৰে । উক্ত অঞ্চলৰ পৰা অসম আৰক্ষী আতৰি আহিল যদিও মিজো আৰক্ষী এতিয়াও অবস্থান কৰি আছে । চিআৰপিএফ বাহিনী আছে যদিও মিজো আৰক্ষীক তাৰ পৰা আতৰাই পঠোৱাত ব্যৰ্থ তেওলোক ।
এতিয়াও অশান্ত অসম-মিজোৰাম সীমান্তত যুদ্ধসদৃশ পৰিৱেশ বিৰাজ কৰি আছে । আজি ধলাই থানাৰ পৰা আৰমাৰ্ড বাহন লৈ লাইলাপুৰৰ ঘন জংঘললৈ ৰাওনা SP ৰমণদ্বীপ কৌৰ আৰু DC কিৰ্ট্টি জলি ।

অসম চৰকাৰৰ গৃহ বিভাগৰ ফালৰ পৰা সতৰ্ক বাণী দিয়া হৈছে অসমবাসীৰ বাবে। মিজোৰামত কৰ্মৰত হৈ থকা অসমৰ লোকসকলক সতৰ্ক হোৱাৰ আহ্বান জনাইছে অসম চৰকাৰ গৃহ বিভাগে। এই সময়চোৱাত অসমৰ নাগৰিকক মিজোৰাম ভ্ৰমণ নকৰিবলৈ আহ্বান।
অসম-মিজোৰাম সীমান্তত সৃষ্টি হোৱা ঘটনাৰ পাছতে ক্ৰমান্বয়ে বৃদ্ধি পাইছে দুয়ো ৰাজ্যৰ মাজত উত্তেজনা।
অসমৰ নাগৰিকক মিজোৰামত আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ আশংকাতে এই নিৰ্দেশনা দিয়া হৈছে ।
মিজোৰাম চৰকাৰ, আৰক্ষী, দল, সংগঠনে ধাৰাবাহিকভাৱে অসমৰ বিৰুদ্ধে প্ৰচাৰ চলাই থকাৰ অভিযোগ কৰিছে অসম চৰকাৰে। অসম চৰকাৰৰ এই নিৰ্দেশৰ পিছতে সমালোচনা কৰিছে তথাকথিত মেইনষ্টীম ভাৰতীয়ই | ইয়াৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “অসমৰ মানুহ মিজোৰামলৈ যোৱা বন্ধ কৰা নাই ৰাজ্য চৰকাৰে। ‘খোলা আছে ৰাস্তা। অহা যোৱা কৰিলে কৰিব পাৰে।” অৱশ্যে শান্তিৰ পৰিৱেশ উভতি আহিলেহে মিজোৰাম ভ্ৰমণ কৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে ।
ৰাজ্যত থকা মিজোৰাম হাউচ আৰু মিজোলোকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ব্যবস্থা লবলৈ ৰাজ্য চৰকাৰে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক নিৰ্দেশ দিছে ।
অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষীয়ে দুৰ্বৃত্তৰ সহায়ত অসম আৰক্ষীলৈ গুলী চালনা কৰি ৬ জনকৈ আৰক্ষীৰ লোকক হত্যা কৰাৰ পাছতেই বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰা মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনা এতিয়া পলাই ফুৰিছে।সীমান্তলৈ অসম আৰক্ষী গ’লে আকৌ গুলীয়াই মাৰিম বুলি কৈ দুয়ো ৰাজ্যৰ মাজত উত্তেজনা বৃদ্ধি কৰিছিল সাংসদজনে।
বিতৰ্কিত মন্তব্য কৰা মিজোৰামৰ ৰাজ্যসভাৰ সাংসদক সোধাপোছাৰ বাবে দিল্লীত উপস্থিত হৈছেগৈ অসম আৰক্ষীৰ চি আই ডিৰ এটা দল। অসম আৰক্ষীৰ এছ এছ পি বিবেকানন্দ দাসৰ নেতৃত্বত গৈছে দলটো ।
জানিবলৈ দিয়া মতে, সাংসদগৰাকীৰ বিগত ৩০ দিনৰ কল ডিটেইলছ সংগ্ৰহ কৰিব দলটোৱে । অসম-মিজোৰাম সীমান্তৰ গুলীচালনা ঘটনা সংঘটিত হোৱাৰ সময়ত তেওঁ যিসকলৰ সৈতে যোগাযোগ ৰাখিছিল তেওঁলোককো তদন্তৰ মাজলৈ আনিব অসম আৰক্ষীয়ে।
এই বিতৰ্কিত মন্তব্য কৰা সাংসদজনৰ বিৰুদ্ধে সন্দেহজনক নথি লাভ কৰিলেই গ্ৰেপ্তাৰৰ বাবে ৰাজ্যসভাৰ সচিবালয়ৰ পৰা অনুমতি বিচাৰিব অসম আৰক্ষীৰ দলটোৱে। সাংসদগৰাকীয়ে অসম আৰক্ষী দলটো যোৱাৰ আগতেই নিজৰ নামত আবন্টিত ঘৰটোৰ পৰা আতৰি মিজোৰাম হাউচত বাহৰ পাতিছেগৈ ।
লগতে পঢ়ক লাভলীনাই জনালে লক্ষ্য স্বৰ্ণ, এতিয়াই আনন্দ কৰাৰ সময় নহয়