নিউজ ডেস্ক: অসম আৰক্ষীক গুলীয়াই হত্যা কৰাৰ পিছত অসম চৰকাৰে নিজৰ স্থিতি কিছু নৰম প্ৰদৰ্শন কৰি কেন্দ্ৰীয় চৰকাৰৰ ওপৰত সকলো ন্যস্ত কৰাৰ সুবাদতে মিজো চৰকাৰে নিজৰ মইমতালী চলাই গৈছে ।
অসম সম্পৰ্কে বিতৰ্কিত আৰু বিদ্বেষমূলক মন্তব্য অব্যাহত ৰাখিছে মিজোৰামৰ ৰাজনৈতিক নেতা সকলে।
অসম আৰক্ষীয়ে মিজোৰামৰ বিষয়া আৰু আৰক্ষীৰ বিৰুদ্ধে চমন জাৰী কৰাৰ পিছত মিজোৰাম আৰক্ষীয়ে
অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৬ গৰাকী শীৰ্ষ অসম আৰক্ষীৰ বিষয়াৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছে । হত্যা আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগত ৰুজু কৰা হৈছে গোচৰ । অসম আৰক্ষীৰ কাছাৰ জিলাৰ উপায়ুক্তৰ নেতৃত্বত অসম আৰক্ষীৰ জোৱানসকল মিজোৰামত প্ৰৱেশ কৰা বুলি উল্লেখ কৰিছে এজাহাৰত । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৩০৭ আৰু ১২০(বি) ধাৰাত গোচৰ ৰুজু কৰিছে ।
গোচৰ ৰুজু কৰা আন বিষয়াসকল হ’ল আইজিপি অনুৰাগ আগৰৱাল, দিব্যজ্যোতি মুখাৰ্জী, কাচাৰৰ উপায়ুক্ত কীৰ্ত্তী জালি, কাছাৰৰ আৰক্ষী অধীক্ষক বৈভব চন্দ্ৰকান্ত নিম্বালকাৰ, ডিএফ অ’ ছুনেন্দ্ৰু চৌধুৰী আৰু ঢলাই থানাৰ অচি চাহাবুদ্দিন । মুখ্যসচিবলৈ প্ৰেৰন কৰা পত্ৰত কলাছিব জিলাৰ ৱেৰেংটেৰ মহকুমা পুলিচ বিষয়াৰ ওচৰত হাজিৰ হবলৈ নিৰ্দেশটোত কোৱা হৈছে ।
ইয়াৰ পূৰ্বে যোৱা ২৬ জুলাইত মিজোৰাম সীমান্ত সংঘটিত হোৱা ঘটনাৰ বাবে অসম আৰক্ষীয়ে মিজোৰামৰ ৬গৰাকী প্ৰশাসনিক আৰু আৰক্ষী বিষয়ালৈ চমন জাৰি কৰিছে । ২ আগষ্ট পুৱা ১১বজাত মিজোৰাম ছয়জন প্ৰশাসনিক আৰু আৰক্ষী বিষয়াক ধলাই আৰক্ষী থানাত হাজিৰ হবলৈ চমন প্ৰেৰণ কৰা হৈছে। কাছাৰৰ অতিৰিক্ত উপায়ুক্ত কল্যাণ কুমাৰ দাসে জাৰি কৰিছে এই চমন।
মিজোৰামৰ অতিৰিক্ত উপায়ুক্ত ব্ৰুঞ্চ কিবি, এছ ডি পি অ থাৰ্টি হাংজচাল, এছ ডি অ চি লালৰেপুৰীয়া, অতিৰিক্ত উপায়ুক্ত ডেভিদ জে বি, উপায়ুক্ত ডঃ এইচ লালথালাজিলিআনা আৰু উপায়ুক্ত ভেললাল ফাকালৈ চমন জাৰি কৰা হৈছে ।
অসমে ‘বিগ ডেডী’ৰ দৰে আচৰণ কৰিছে, মিজোৰামৰ উপ-মুখ্যমন্ত্ৰীৰ অভিযোগ । অসম সম্পৰ্কে বিতৰ্কিত আৰু বিদ্বেষমূলক মন্তব্য অব্যাহত ৰাখিছে মিজোৰামৰ ৰাজনৈতিক নেতা সকলে।
মিজোৰামৰ ৰাজ্যসভাৰ সাংসদে অসম আৰক্ষীক গুলীয়াই মৰাৰ ভাবুকি প্ৰদান কৰাৰ পাছত এইবাৰ পুনৰ অসমক লৈ প্ৰৰোচিত মন্তব্য কৰিছে মিজোৰামৰ উপ-মুখ্যমন্ত্ৰী টাউনলুয়াৰে।
মিজোৰামৰ উপ-মুখ্য মন্ত্ৰী গৰাকীয়ে অসমে মিজোৰামৰ বহু অঞ্চল বেদখল কৰি আছে বুলিও অভিযোগ উত্থাপন কৰে। ইয়াৰোপৰি, অসমে মিজো জনসাধাৰণক শাস্তি প্ৰদান কৰাৰ উদ্দেশ্যে অৰ্থনৈতিক অৱৰোধ কৰা বুলিও টাউনলুয়াৰে গুৰুতৰ অভিযোগ কৰে।
আনহাতে, মিজোৰামৰ গৃহ সচিৱ লালবিয়াকচাংগিয়ে কেন্দ্ৰীয় গৃহ সচিৱলৈ এখন পত্ৰ প্ৰেৰণ কৰি অসমে মিজোৰাম সংযোগী ৩০৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰখাৰ ফলত মিজোৰামলৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ব্যাহত হৈছে বুলি উল্লেখ কৰিছে।
উল্লেখযোগ্য যে, ২৬ জুলাইত অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষীৰ গুলিত ছয় গৰাকীকৈ অসম আৰক্ষীৰ জোৱান শ্বহীদ হোৱাৰ পাছতে অসমৰ জনসাধাৰণৰ মনত ক্ষোভৰ উদগীৰণ হৈছিল আৰু ইয়াৰ ফলশ্ৰুতিত ক্ষোভিত জনতাই বহু স্থানত মিজোৰাম সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে ৰে’লপথো অৱৰোধ কৰিছিল।
অৱশ্যে অসম চৰকাৰৰ তৰফৰ পৰা সকলো লোককে শান্তি শৃংখলা বজাই ৰখাৰ বাবে অনুৰোধ কৰা হৈছে।