জোৰামথাংগাৰ সুৰ সলনি

মিজোৰাম আৰক্ষীৰ বৰ্বৰতাৰ বাবেই ৬ জনকৈ অসম আৰক্ষীৰ মৃত্যু হোৱাৰ পিছতো মিজোৰাম চৰকাৰে আজিলৈকে স্বীকাৰ নকৰিলে তেওলোকৰ সীমাত কৰা কাৰ্যৰ বাবে | দিল্লীত হোৱা আলোচনাৰ সময়ত সকলো কথাই মানি লোৱাৰ আশ্বাস দি ৰাজ্যলৈ উভতি অহাৰ পিছতেই সকলো নীতি নিয়ম জ্বলাঞ্জলী দিয়া মিজোৰাম চৰকাৰে এতিয়া নমনীয়তা ৰূপ লৈছে |

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মিজোৰাম চৰকাৰে গোচৰ ৰুজু কৰাৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিছপুৰত থকা মুখ্যমন্ত্ৰীৰ বাসগৃহত এক সংবাদ মেল সম্বোধন কৰি এই বিষয়ত কয়, মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাক লৈ মই সুখী। তদন্তত মই সহায় কৰিম। ইয়াৰ বাবে শিলচৰৰ পৰা পদব্ৰজে যাম। কোনো কাৰণতে অগ্ৰিম জামিন নলয়। ‘মোক গ্ৰেপ্তাৰ কৰক, কিন্তু মোৰ বিষয়াক গ্ৰেপ্তাৰ কৰিব নিদিও’।

ৰাজ্যখনৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধৰ দৰে ব্যৱস্থা গ্ৰহণৰো কোনো কথাই নাহে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আলোচনাৰ মাধ্যমেৰে সীমা বিবাদ দূৰ কৰিবলৈ প্ৰস্তুত বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
ইফালে অসম-মিজোৰাম সীমান্তৰ সমস্যাক কেন্দ্ৰ কৰি গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত হিমন্ত বিশ্ব শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰমথাংগাৰ লগত টেলিফোনিক আলোচনা অনুষ্ঠিত হৈছে। এই আলোচনাৰ অন্তত মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰমথাংগাই আলোচনাৰ মাধ্যমেৰে আন্ত:ৰাজ্যিক সীমা সমস্যা সমাধান কৰিবলৈ সন্মত হৈছে। তেওঁ মিজোৰামৰ লোকসকলক সামাজিক মাধ্যমত স্পৰ্শকাতৰ বাৰ্তা শ্বেয়াৰ নকৰিবলৈও অনুৰোধ জনাইছে জোৰমথাংগাই ।

লগতে পঢ়ক পি ভি সিন্ধুৰ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply