নিউজ ডেস্ক: যি সময়ত মিজোৰাম চৰকাৰে বিবৃতি প্ৰকাশ কৰি অসমৰ সৈতে আলোচনাৰ কথা কৈ আহিছে সেই একেটা সময়তে মিজোৰ আগ্ৰাসন বন্ধ হোৱা নাই ।

অসম-মিজোৰাম সীমান্তত পুনৰ উপদ্ৰৱ চলাইছে মিজো দুৰ্বৃত্তই। সীমান্তৰ অসমৰ ব্যক্তিৰ ঘৰত অগ্নি সংযোগ কৰিছে মিজো দুৰ্বৃত্তই।
আজাদ হুছেইন নামৰ ব্যক্তিজনৰ ঘৰত অগ্নি সংযোগৰ ঘটনা সংঘটিত হৈছে।

আনহাতে সীমান্তৰ দুটা কৈ পাহাৰ খান্দি দুখন হেলিপেড নিৰ্মাণৰ তথ্যও পোহৰলৈ আহিছে। মিজোৰামে সীমান্তৰ দুটা পাহাৰত নিৰ্মাণ কৰিছে হেলিপেড।

অসমৰ মুখ্যমন্ত্ৰীয়ে অহা ৫ আগষ্টত অসমৰ দুই মন্ত্ৰী অতুল বৰা আৰু অশোক সিংঘালক আইজলত গৈ আলোচনা কৰিবৰ বাবে নিৰ্দেশ দিছে।
দুয়ো ৰাজ্যই উঠাই লৈছে দুয়োখন ৰাজ্যই ৰুজু কৰা ভিভিন্ন গোচৰ। শান্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়তে পুনৰ সীমান্তৰ ব্যক্তিৰ ঘৰত অগ্নি সংযোগ কৰাৰ ঘটনা সংঘটিত হোৱাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে সীমান্তৰ বিবাদমান অঞ্চলটোৰ দায়িত্ব চিআৰপিএফক দিয়া হৈছে যদিও এই নিৰপেক্ষ বাহিনীটোৱে মিজোৰামৰ আৰক্ষীক তাৰ পৰা আতৰাই পঠোৱাত এতিয়াও ব্যৰ্থ । কেন্দ্ৰীয় বাহিনীৰ ৭ টা কেম্প অসমৰ সীমাৰ ভিতৰত বহি থকাৰ বিপৰীতে ৩ টা কেম্পহে বৰ্তমান মিজোৰামৰ সীমাৰ ভিতৰত আছে ।

কেন্দ্ৰীয় চৰকাৰেও অসমৰ সৈতে থকা চুবুৰীয়া ৰাজ্যসমূহৰ সীমা জ্ঞমস্যাক লৈ কোনো আগ্ৰহ নাই । দিল্লীত বহি নীতি নিদ্ধাৰণ কৰিয়েই দায়িত্ব সামৰি আহিছে কেন্দ্ৰীয় চৰকাৰ বোৰে। যাৰ ফলত যোৱা সময়চোৱাত অসমৰ বহুজনে প্ৰাণ হেৰুৱাইছে ।

মিজোৰাম সীমান্তত অৰ্থনৈতিক অৱৰোধ অব্যাহত।অসমত অৱৰোধৰ বাবে গুৰুতৰ সংকটৰ সন্মুখীন হৈছে মিজোৰাম।এতিয়া বিপদত পৰিছে মিজোৰাম।
অৱৰোধৰ ফলত মিজোৰামত খাদ্যসামগ্ৰী,পেট্ৰ’লজাত সামগ্ৰী,প্ৰয়োজনীয় ঔষধৰ তীব্ৰ নাটনি।ছচিয়েল মিডিয়াযোগে এই কথা জনাইছে মিজোৰামৰ স্বাস্থ্য মন্ত্ৰী আৰ লালথানগ্লিয়ানাই। উপায়হীন হৈ এইবাৰ মিজোৰামে বিমানেৰে নিবলগীয়া হৈছে খাদ্য সামগ্ৰী।শিলচৰৰ পৰা বিমানযোগে খাদ্য সৰবৰাহ মিজোৰামৰ।উল্লেখযোগ্য যে,কলকাতাৰ পৰা শিলচৰ হৈ লেংপুইলৈ সামগ্ৰী নিলে মিজোৰামে।
স্পাইছ জেটৰ বিমানযোগে ৩৮,৭১১ কেজি সামগ্ৰী লৈ অৱতৰণ প্ৰথমখন বিমানৰ।আনহাতে,আন কেইবাখনো বিমানেৰে খাদ্য-সামগ্ৰী নিয়াৰ পৰিকল্পনা মিজোৰামৰ।

লগতে পঢ়ক মনোজ বাজপায়ীৰ সৈতে বলিউডৰ নতুন ছবিত অসমৰ উৰ্মীলা মহন্ত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply