যি সময়ত অসমৰ মন্ত্ৰী গৈ আইজলত মিজোৰামৰ সৈতে সীমান্ত সম্পৰ্কে শান্তি আলোচনা আগবঢ়াইছে সেই একেটা সময়তে মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ ভানলালভেনাই পুনৰ বিতৰ্কিত মন্তব্য আগবঢ়াইছে | ২৬ জুলাইৰ ঘটনাৰ পিছতে অসমৰ মানুহক পুনৰ গ’লে আকৌ গুলীয়াম বুলি মন্তব্য কৰা ভানলালভেনাই এইবাৰ ক’লে অসমে ৫০৯ বৰ্গমাইল ভূমি মিজোৰামৰ দখল কৰিছে |
স্বাধীন ৰাজ্য হোৱাৰ সময়ত যি সীমা আছিল তাৰ পৰা বহু আগুৱাই আহি অসমৰ সীমাত সোমাই পৰা মিজোৰামক সুৰক্ষা দিবলৈ সাংসদজনৰ এই মন্তব্যই দুয়োখন ৰাজ্যৰ মাজত যিমানেই শান্তি চুক্তি নহওক কিয় তাৰ সঠিক ফলাফল ওলোৱাতো কঠিন | আগ্ৰাসী মিজো জনতাক উচতনি দিয়া এই মন্তব্য অধিক মনোবল বৃদ্ধি কৰিব যিটো অসমৰ বাবে ক্ষতিকাৰক |
ইংৰাজী দৈনিক দ্যা হিন্দুত দিয়া সাক্ষাৎকাৰত সাংসদগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীকো আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ কয়, ”অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰাসী মনোভাৱৰ কাৰণে অসম আৰু মিজোৰামৰ মাজত ৰক্তাক্ত সংঘাতৰ সূত্ৰপাত হৈছে।
অসম পুলিচে মিজো ভূমিত আকস্মিক আক্ৰমণ কৰি থকাৰ অভিযোগ উত্থাপন কৰে সাংসদগৰাকীয়ে। এয়া অসমৰ নতুন মুখ্যমন্ত্ৰীৰ আগ্ৰাসনৰ পৰিকল্পনাৰ অংশ বুলিও ভানলালভেনাই মন্তব্য কৰা বুলি বাতৰিকাকতখনত প্ৰকাশ পাইছে। উক্ত সাক্ষাৎকাৰটোত তেওঁ লগতে কয় “অসমৰ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনত বাংলাদেশী প্ৰৱজনকাৰীক সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল; যিহেতু অসমত ঠাই নাই, সেয়েহে তেওঁ মিজোৰামৰ মাটিত সুমুৱাব বিচাৰিছে।”
আজি দুজন অসম চৰকাৰৰ মন্ত্ৰী – অতুল বৰা আৰু অশোক সিংঘালে শান্তি বার্তা লৈ মিজোৰামলৈ গৈ আলোচনাত বঢ়িছে তেনে সময়তে মিজোৰামৰ সাংসদৰ এই মন্তব্য বিশেষ ইংগিত বহন কৰিছে ।
লগতে পঢ়ক অসম মিজোৰামৰ সীমা সমস্যাক লৈ দুয়ো চৰকাৰৰ প্ৰথম বৈঠকত সহমত