নিউজ ডেস্ক: বিজেপিৰ কেন্দ্ৰীয় সংসদীয় বৰ্ডত অন্তৰ্ভুক্ত হ’ল ৰাজ্যৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম।
আজি এক পত্ৰযোগে বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব অৰুণ সিঙে দলটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষ সভাপতি জে পি নাড্ডাক অধ্যক্ষ হিচাপে লৈ গঠন কৰা ১১ জনীয়া নতুন কেন্দ্ৰীয় সংসদীয় বৰ্ডৰ তালিকা প্ৰকাশ কৰে।
সৰ্বানন্দ সোণোৱালৰ উপৰি কৰ্ণাটকৰ প্ৰাক্তন মুখ্য মন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাৰ নামো দলটোৰ উক্ত শীৰ্ষ সমিতিখনত অন্তৰ্ভুক্ত হৈছে। আনহাতে বিজেপিৰ শীৰ্ষ নেতা নীতিন গাডকাৰী আৰু শিৱৰাজ সিং চৌহানৰ নাম এই সমিতিৰ পৰা বাদ পৰে।
আজি প্ৰকাশ পোৱা বিজেপিৰ সংসদীয় ব’ৰ্ডৰ তালিকাত নাম থকা সদস্যসকল হৈছে ক্ৰমে জে পি নাড্ডা, নৰেন্দ্ৰ মোদী, ৰাজনাথ সিং, অমিত শ্বাহ, বি এছ য়েদিয়ুৰাপ্পা, সৰ্বানন্দ সোণোৱাল, কে লক্ষ্মণ, ইকবাল সিং লালপুৰা, সুধা যাদৱ, সত্যনাৰায়ণ জাতিয়া আৰু বি এল সন্তোষ।
সংসদীয় সমিতিৰ উপৰি দলটোপ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিতো অন্তৰ্ভুক্ত হৈছে সৰ্বানন্দ সোণোৱালৰ নাম।
লগতে পঢ়ক – Viral : ১২ফুট দীঘল কিং কোব্ৰাৰ লগত যুৱকৰ খেলা