নিউজ ডেস্ক: দেশৰ ভিতৰতে নাৰীজনিত অপৰাধৰ শীৰ্ষত আছে অসম | নেশ্যনেল ক্ৰাইম ৰেক’ৰ্ডছৰ মঙলবাৰে প্ৰকাশিত প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য |
প্ৰতি এক লাখ জনসংখ্যা ভিতৰত ১৫৪.৩ শতাংশ নাৰীজনিত অপৰাধ সংঘটিত হৈছে অসমত | একেৰাহে চতুৰ্থবাৰৰ বাবে নাৰীজনিত অপৰাধৰ শীৰ্ষত আছে অসম |
অসমে ৰাষ্ট্ৰীয় হাৰ ৫৬.৫ শতাংশ চেৰ পেলালে এইবাৰৰ প্ৰতিবেদনৰ মতে |
নাৰীজনিত অপৰাধৰ দ্বিতীয় স্থানত আছে ওডিছা আৰু তৃতীয় স্থানত আছে ৰাজধানী দিল্লী |
লগতে পঢ়ক হাজাৰ টকাৰ উৎকোচ লৈ জালত পৰিল নগাঁও কোষাগাৰৰ মহিলা কৰ্মচাৰী
২০২০ চনৰ এই ৰিপৰ্ট মতে অসমত এই সময়চোৱাত ২৬টা ধৰ্ষণ আৰু হত্যাৰ কেচ আছে | অবশ্যে এনে ধৰনৰ গোচৰত শীৰ্ষত আছে ৩১ টা ঘটনাৰে উত্তৰ প্ৰদেশ |
যোৱা বৰ্ষটোত মুঠ ১১,৪০৮ টা গোচৰ পঞ্জীয়ন কৰা হয় | এই গোচৰ সমূহৰ অধিকাংশ অপৰাধীয়েই হ’ল স্বামী অথবা তেওৰ পৰিয়ালৰ লোক | কোৰোনাসৃষ্ট পৰিবেশৰ বাবে লকডাউন হোৱাক ঘৰুৱা হিংসাও বৃদ্ধি পাইছে |