নিউজ ডেস্ক : অসম ৰাইফলছৰ কামণ্ডিঙ অফিছাৰ নিহত উগ্ৰপন্থীৰ আক্ৰমণত। ৪৬ নং অসম ৰাইফলছৰ কামণ্ডিঙ অফিছাৰৰ পত্নী আৰু পুত্ৰও নিহত হৈছে এই আক্ৰমণত। উগ্ৰপন্থীৰ আক্ৰমণত মুঠ ৬ জনকৈ লোক নিহত হৈছে।

শনিবাৰে পুৱা প্ৰায় ১০ বজাত ৪৬ নং অসম ৰাইফলছৰ কামণ্ডিঙ অফিছাৰ বিপ্লৱ ত্ৰিপাঠীৰ কনভায়ৰ ওপৰত উগ্ৰপন্থী সংগঠনে আক্ৰমণ চলায়। কানভয়টোত কামণ্ডিঙ অফিছাৰ বিপ্লৱ ত্ৰিপাঠী পৰিয়ালসহ আছিল। থিতাতে নিহত বিপ্লৱ ত্ৰিপাঠী, তেওঁৰ পত্নী আৰু পুত্ৰ।

লগতে পঢ়ক :  জামুগুৰিহাটৰ বামুণবাৰীত ১১৬ বছৰীয়া জগদ্ধাত্ৰী পূজা উদযাপন

এই ভয়াবহ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে মণিপুৰৰ চুৰাচান্দপুৰ জিলাত। মণিপুৰ-ম্যানমাৰ সীমান্তত সংঘটিত হোৱা এই ভয়াবহ আক্ৰমণত মুঠ ৬ জনকৈ লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply