অৰুণাচলত আকৌ ঘটিল চাঞ্চল্যকৰ ঘটনা। আসাম ৰাইফলছৰ গুলীত আহত হ’ল দুজন যুৱক। টিৰাপ জিলাত সংঘটিত হয় এই ঘটনা। আহত দুজন হ’ল নকফুল ৱাংটন, ৰামৱাং ৱাংছা।


টিৰাপ জিলাৰ চাচা গাঁৱৰ দুজন যুৱক আসাম ৰাইফলছৰ গুলীত আহত হৈছে। মাছ মাৰি ঘৰলৈ উভতাৰ পথতে দুই যুৱকক উগ্ৰপন্থীৰ সন্দেহত গুলীয়াই আহত কৰে আসাম ৰাইফলছ বাহিনীয়ে। আহত দুই যুৱকক ইতিমধ্যে চিকিৎসালয়ত AMCHত ভৰ্তি কৰোৱা হৈছে।

এই ঘটনাক স্থানীয় ৰাইজ উত্তেজিত হৈ প্ৰতিবাদ কৰাৰ সময়তে আসাম ৰাইফলছে আহত দুয়োৰে চিকিৎসাৰ ব্যৱস্থা আসাম ৰাইফলছৰ ফালৰ পৰা কৰা হ’ব বুলি উত্তেজিত ৰাইজক প্ৰতিশ্ৰুতি দিয়ে। আহত দুয়োজনকে যোৰহাটলৈ এয়াৰ লিফ্ট কৰাৰো প্ৰতিশ্ৰুতি দিয়ে আসাম ৰাইফলছৰ বিষয়াই।

চিকিৎসাৰ সকলো খৰচ বহন কৰাৰ প্ৰতিশ্ৰুতি দি আছাম ৰাইফলছৰ ভুলৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ কথা স্বীকাৰ এগৰাকী মেজৰ পৰ্যায়ৰ বিষয়াৰ। ৰাজ্যখনত আফস্পা চলি থকাৰ বাবেই এনেধৰনৰ ঘটনা সংঘটিত হৈ থাকিবলৈ লৈছে বুলি স্থানীয় ৰাইজে দীৰ্ঘ দিনৰ পৰা অভিযোগ তুলি আহিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply