গোৰেশ্বৰ: বাক্সা জিলাৰ উপৰখুটিৰ অচ্যুত ডেকা আৰু অলকা ডেকাৰ সন্তান গৱেষক ছাত্ৰ হেমন্ত ডেকা আছে ইজৰাইলৰ হাইফা চহৰত।বিগত দুবছৰ ধৰি গৱেষণাত ব্যস্ত আছে ছাত্ৰ গৰাকী।
পেলেষ্টাইন আৰু হামাচ সন্ত্ৰাসবাদীয়ে ধাৰাবাহিকভাৱে আক্ৰমণ কৰিছে ইজৰাইলক।নিতৌ শ শ ৰকেট আৰু মৰ্টাৰেৰে ইজৰাইলক আক্ৰমণ কৰিলেও বিশেষ ক্ষতি কৰিব পৰা নাই ইজৰাইলক।ইজৰাইলৰ আইৰণ ডমে বিনষ্ট কৰিছে মৰ্টাৰবোৰ।যুদ্ধ বিৰত ঘোষণা কৰিলেও পেলেষ্টাইনে তিনি হাজাৰোধিক ৰকেট নিক্ষেপ কৰিছিল।
বৰ্তমান অসম সন্তানগৰাকীয়ে থকা ইজৰাইলৰ হাইফা চহৰ অবশ্যে এই আক্ৰমণৰ বলি হোৱা নাই, সেয়েহে চহৰখনত অবশ্যে নাই কোনো যুদ্ধৰ পৰিৱেশ।গৱেষষক ছাত্ৰ গৰাকীয়েও সাত সাগৰ তেৰ নদী সিপাৰৰ পৰা ভাৰত-ভূটান সীমান্তৱৰ্তী উপৰখুটিত থকা পিতৃ-মাতৃৰ লগতে পৰিয়ালক সুকলমে থকা বুলি অৱগত কৰোৱাইছে।গৱেষক ছাত্ৰ গৰাকীয়ে ক’ভিডৰ সময়ত সকলো অসমবাসীকে কুশলে থকাৰ কামনা কৰে।