নিউজ ডেস্ক : অৱশেষত মৃত্যুৰে যুঁজি হাৰ মানিলে তামিলনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত ব্যক্তি গ্ৰুপ কেপ্টেইন বৰুণ সিঙে। বুধবাৰে পুৱা বাংগালুৰুৰ সেনাৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে সেনা বিষয়াগৰাকীয়ে।
উল্লেখ্য যে, যোৱা ৮ ডিচেম্বৰ তাৰিখে তামিলনাডুত সেনাৰ এমআই-১৭ভি৫ হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হৈ চিডিএছ বিপিন ৰাৱটৰ লগতে ১২ গৰাকী লোকৰ মৃত্যু হৈছিল। হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত হৈছে চিডিএছ বিপিন ৰাৱটৰ পত্নীও।
লগতে পঢ়ক : লগতে পঢ়ক : নতুন শিক্ষানীতিৰ নিৰ্দেশনা প্ৰকাশ কৰিলে ৰাজ্য চৰকাৰে
বেংগালুৰুৰ সেনা হাস্পতালত বুধবাৰে মৃত্যু ঘটে হেলিকপ্টাৰ দুৰ্ঘটনাৰ একমাত্ৰ জীৱত সেনাবিষয়া বৰুণ সিঙৰ। ৮ ডিচেম্বৰত হেলিকপ্টাৰ দুৰ্ঘটনাত ৮০ শতাংশ জ্বলি গৈছিল বৰুণ সিঙৰ। ইয়াৰ পিছতে পৰা চিকিৎসাধীন হৈ আছিল বৰুণ সিঙ। ভাৰতীয় বায়ু সেনাই বৰুণ সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।