নিউজ ডেস্কঃ পুনৰ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ। ইউক্ৰেইনৰ স্বাধীনতা দিৱসৰ দিনাই ইউক্ৰেইনৰ এটা ৰেল ষ্টেচনত ৰাছিয়াই ৰকেটেৰে আক্ৰমণ কৰে। এই ঘটনাত কমেও ২২লোকৰ মৃত্যু হয়। ৰাছিয়াৰ চেপলিন চহৰৰ ৫জন নাগৰিকৰো এই ঘটনাত মৃত্যু হৈছে। নিহত সকলৰ ভিতৰত ৰাছিয়াৰ ১১বছৰীয়া এজন কিশোৰো আছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে কৈছে যে আক্ৰমণটো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকৰ সময়ত সংঘটিত হৈছিল। অৱশ্যে, এই প্ৰতিবেদন লিখাৰ সময়লৈকে ৰাছিয়াই আক্ৰমণৰ সঁহাৰি দিয়া নাই।
জেলেনস্কিয়ে পূৰ্বেই কৈছিল যে দেশৰ স্বাধীনতা দিৱসত মস্কোৱে ডাঙৰ আক্ৰমণ সংঘটিত কৰিব পাৰে। ইউক্ৰেইনবাসীক উদ্দেশ্যি ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছিল যে, “আমি সকলোৱে এই সপ্তাহত সতৰ্ক থাকিব লাগিব। ৰাছিয়াই এক ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিব পাৰে। ”
চলিত বৰ্ষৰ ২৪ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইনৰ ভূমিত আক্ৰমণ আৰম্ভ কৰিছিল। তেতিয়াৰ পৰাই যুদ্ধত ইউক্ৰেইনৰ বৃহৎ অঞ্চল ধ্বংসস্তুপত পৰিণত হৈছিল। ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ বহুলোকৰ মৃত্যু হৈছিল। বিগত এপ্ৰিল মাহতো মস্কোৱে ইউক্ৰেইনৰ এটা ৰেল ষ্টেচনত আক্ৰমণ কৰিছিল। এই ঘটনাত ৫০ জনৰো অধিক লোক নিহত হৈছিল।