নিউজ ডেস্ক: নাইজেৰিয়াত এটা গীৰ্জাত বন্দুকধাৰীয়ে চলোৱা আক্ৰমণত কমেও ৫০ জন লোকে প্ৰাণ হেৰোৱাইছে। দেশখনৰ ওণ্ডো প্ৰদেশৰ এটা কেথলিক গীৰ্জাত সংঘটিত হয় উক্ত গুলীচালনাৰ ঘটনা।

দক্ষিণ-পশ্চিম নাইজেৰিয়াৰ এগৰাকী চিকিৎসকে সংবাদ এজেন্সী ৰয়টাৰক জনোৱা মতে কমেও ৫০টা মৃতদেহ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

দেশখনৰ স্থানীয় সংবাদ প্ৰতিষ্ঠানত প্ৰকাশিত খবৰ অনুসৰি বন্দুকধাৰীয়ে গীৰ্জাত প্ৰাৰ্থনা কৰিবলৈ অহা লোকসকলৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰাত মহিলা আৰু শিশুসহ অৰ্ধশতাধিক লোকৰ মৃত্যু হয়।

অৱশ্যে এতিয়ালৈকে গুলীচালনাত নিহত লোকৰ প্ৰকৃত সংখ্যা আনুষ্ঠানিকভাৱে প্ৰকাশ পোৱা নাই।

দেশখনৰ ৰাষ্ট্ৰপতি মুহাম্মাদু বুহাৰীয়ে গুলীচালনাৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰি ‘উপাসকসকলক বৰ্বৰ হত্যা কৰা’ কাৰ্য্যক গৰিহণা জনায়।

লগতে পঢ়ক – হত্যাৰ ভাবুকি লাভ কৰাৰ দাবী বহিষ্কৃত বিজেপি নেত্ৰী নূপুৰ শৰ্মাৰ, এজাহাৰ ৰুজু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply