নিউজ ডেস্ক: নেপালত বুধবাৰে পুৱতি নিশা সংঘটিত এক প্ৰবল ভূমিকম্পত কমেও ৬জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫ জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে।
ভূমিকম্প নিৰীক্ষণ সংস্থা National Centre for Seismology (NCS)-এ জনোৱা মতে, বুধবাৰে পুৱা ২:১২ বজাত সংঘটিত ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৬.৬।
নেপালৰ ডোটি জিলাক ভূমিকম্পটোৰ কেন্দ্ৰবিন্দু আছিল বুলি দেশখনৰ The National Earthquake Monitoring Centre-এ জানিবলৈ দিয়ে।
ডোটি জিলা আৰক্ষীৰ ভাৰপ্ৰাপ্ত মুৰব্বী ভোলা ভট্টাই জানিবলৈ দিয়া মতে, নিহত ছয়জনৰ ভিতৰত চাৰিজন শিশু। ইয়াৰ ভিতৰত আছে এজন ৮ বছৰীয়া ল’ৰা আৰু দুগৰাকী ১৩ বছৰীয়া আৰু ১৪ বছৰীয়া ছোৱালী। আনহাতে মৃত্যু হোৱা আন দুজনৰ ভিতৰত আছে এগৰাকী ৪০ বছৰীয়া মহিলা আৰু এজন ৫০ বছৰীয়া পুৰুষ।
নেপালৰ উপৰি ভক্ত ভূমিকম্পৰ জোকাৰণি ভাৰতৰ ৰাজধানী নতুন দিল্লীকে ধৰি গাজিয়াবাদ, গুৰুগ্ৰাম আনকি লক্ষ্ণৌ পৰ্যন্ত অনুভূত হৈছিল বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক – ৫০ তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্রহণ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ