নিউজ ডেস্ক : পুনৰ ভয়াৱহতাৰ পিনে গতি কৰিছে কৰোনা সংক্ৰমনে । বহু ৰাজ্যত এতিয়া হাস্পতালৰ বিচনা, অক্সিজেন আৰু স্বাস্থ্যসেৱাৰ লগত জড়িত সামগ্ৰীসমূহৰ নাটনি কথা পোহৰলৈ আহিছে । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰত বিচনা আৰু অক্সিজেনৰ অভাবৰ কথা উল্লেখ কৰিছে । অতি শীঘ্ৰেই যোগান নধৰিলে সমস্যাৰ সন্মুখীন হব বুলি পত্ৰত উল্লেখ কৰিছে । যোৱা ২৪ ঘন্টাত ২৫,৫০০ লোক কৰোনাত আক্ৰান্ত হৈছে ৰাজধানীত ।
ইয়াৰ বিপৰীতে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে দেওবাৰে আশ্বাস দিয়ে যে ৰেমডেচিভিৰ উৎপাদন আৰু যোগান দুগুণ কৰা হৈছে, অক্সিজেনৰ নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰা হৈছে, নিৰন্তৰভাৱে ক’ভিড-১৯ প্ৰতিষেধক যোগান আৰু স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি বৃদ্ধি কৰাৰ পদক্ষেপ গ্ৰহণ কৰি ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজ্যসমূহক সকলো ফালৰ পৰা সমৰ্থন আগবঢ়োৱা হৈছে ।
সমগ্ৰ দেশতে ভেকচিনৰ অভিযান শক্তিশালী কৰাৰ কথা উল্লেখ কৰিছে । মন্ত্ৰীগৰাকীয়ে টুইট যোগে উল্লেখ কৰিছে যে ডাঙৰ ৰাজ্যসমূহৰ বাবে প্ৰতি ৭ দিনত আৰু সৰু ৰাজ্যবোৰৰ বাবে প্ৰতি ৪ দিনত ক’ভিড-১৯ প্ৰতিষেধকৰ যোগান ধৰা হৈছে ।
স্বাস্থ্যমন্ত্ৰীয়ে উল্লেখ কৰা মতে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ অধীনৰ চিকিৎসালয়সমূহত ৱাৰ্ডৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে ৰোগীৰ বাবে চিকিৎসালয়ৰ বিচনাৰ ক্ষমতা বৃদ্ধি কৰাৰ বাবে চৰকাৰে “অস্থায়ী চিকিৎসালয় স্থাপন” কৰিছে ।

কেন্দ্ৰীয় চৰকাৰে অতিৰিক্ত ভেণ্টিলেটৰ প্ৰদানৰ ব্যৱস্থা কৰিছে । সেই অনুসৰি মহাৰাষ্ট্ৰক ১,১২১, উত্তৰ প্ৰদেশক ১,৭০০, ঝাৰখণ্ডক ১,৫০০, গুজৰাটক ১,৬০০, মধ্য প্ৰদেশক ১৫২ আৰু ছত্তিশগড়ক ২৩০ ভেণ্টিলেটৰ প্ৰদান কৰা হৈছে ।
ৰেমডেচিভিৰৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ভাৰত চৰকাৰে মে মাহৰ ভিতৰত উৎপাদন দুগুণ কৰি ৭৪.১ লিটাৰ প্ৰতি মাহে কৰা হ’ব বুলিও টুইট যোগে আশ্বাস দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনৰ মতে উৎপাদন বৃদ্ধিৰ বাবে ২০ টা নিৰ্মাণ কাৰখানাক অনুমতি দিয়া হৈছে । লগতে ৰপ্তানি নিষিদ্ধ আৰু দাম বৃদ্ধিৰ ক্ষেত্ৰতো স্থগিতকৰণ কৰা হৈছে ।
প্ৰতিষেধক দ্ৰুত গতিৰে বৃদ্ধি কৰাৰ বাবে ২০২১ চনৰ ছেপ্টেম্বৰৰ ভিতৰত কোভেক্সিনৰ উৎপাদন ১০ গুণ বৃদ্ধি হ’ব বুলিও আশ্বাস দিছে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ।