নিউজ ডেস্কঃ অবিশ্বাস্য যদিও সত্য, এক হাজাৰ বা লাখ টকাত নহয়, কোটি টকাত বিক্ৰী হ’ল এটা  ভেড়া। অষ্ট্ৰেলিয়াৰ নিউ চাউথ ৱেলছৰ এই ঘটনাই সকলোকে আচৰিত কৰি তুলিছে।

স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, বিশেষ প্ৰজাতিৰ সেই ভেড়াটো ‘এলিট অষ্ট্ৰেলিয়ান হোৱাইট চিণ্ডিকেট’ নামৰ এটা সংস্থাই ক্ৰয় কৰিছে।  

গ্ৰাহাম গিলমোৰ নামৰ এজন ভেড়া বিক্ৰেতাই কৈছিল যে তেওঁ কল্পনাও কৰিব পৰা নাছিল যে তেওঁৰ ভেড়াৰ মূল্যই লাখ লাখ টকাঅতিক্ৰম কৰিব। তেওঁ বিক্ৰী কৰা ভেড়াটো এক বিশেষ প্ৰজাতিৰ ভেড়া আছিল। এই প্ৰজাতিৰ ভেড়াবোৰৰ গাত অত্যাধিক নোম নাই যদিও কেৱল মাংসৰ বাবে এইবিধ ভেড়া পালন কৰা হয়। এই ভেড়াবোৰ অতি সোনকালে ডাঙৰ-দীঘল হয়। যিহেতু অষ্ট্ৰেলিয়াত ভেড়া আৰু নোমৰ চাহিদা যথেষ্ট বেছি। বিশেষকৈ মাংসৰ বাবে  বগা ভেড়াৰ চাহিদা অতিকৈ বেছি।

গ্ৰাহামে তেওঁৰ ভেড়া বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিল। কেইবাজনো গ্ৰাহকে বজাৰত সেই ভেড়াটো কিনিবলৈ আহিছিল। তেওঁলোকৰ ভিতৰত ‘এলিট অষ্ট্ৰেলিয়ান হোৱাইট চিণ্ডিকেট’ নামৰ সংস্থাটোৰ চাৰিজন সদস্যই ভেড়াটো দুই কোটি টকাত ক্ৰয় কৰিছিল।

উল্লেখ্য যে,  যোৱা বছৰ, স্কটলেণ্ডত এটা ভেড়া ৩.৫ কোটি টকাত বিক্ৰী কৰা হৈছিল। সেই ভেড়াটো আছিল টেক্সেল প্ৰজাতিৰ । ভেড়াটোৰ নাম আছিল ‘ডাবল ডায়মণ্ড’। সেই ভেড়াটো ২০২১ চনৰ আটাইতকৈ ব্যয়বহুল জন্তুৰ খিতাপো অৰ্জন কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply