নিউজ ডেস্কঃ দীপাৱলী। আজিৰ পৰা আৰম্ভ হৈছে পোহৰৰ এই উৎসৱ। সমগ্ৰ দেশৰ লগতে অযোধ্যাতো দীপাৱলী উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে।
দীপাৱলী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। লগতে তেওঁক এই কাৰ্যসূচীত সংগ দিব উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীয়ে অযোধ্যাৰ লেজাৰ লাইট আৰু সংগীত অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। লগতে ৰাম লাল্লা বিৰাজমানৰ দৰ্শন আৰু পূজা কৰিব।
উত্তৰ প্ৰদেশ চৰকাৰে ১৫ লাখৰো অধিক চাকি জ্বলাই গিনিছ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ এক প্ৰয়াস কৰা হৈছে। এই অনুষ্ঠানৰ সময়ত আতচবাজী, লেজাৰ শ্ব’ আৰু ৰামলীলাও মঞ্চস্থ কৰা হ’ব।