নিউজ ডেস্ক : কৰ্ণাটকত বিজেপি চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ দিনাই বি এছ য়েডিয়ুৰাপ্পাৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ। সোমবাৰে কৰ্ণাটকত বিজেপিৰ দুবছৰ সম্পূৰ্ণ হয় আৰু সোমবাৰেই মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে বি এছ যাদুৰাপ্পা। এতিয়া বিজেপিয়ে কাক কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰিব ইয়াকেলৈ চলিছে চৰ্চা।
কৰ্ণাটকৰ ৰাজনৈতিক মহলত জোকাৰণী। সোমবাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে বি এছ য়েডিয়ুৰাপ্পা। সোমবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি বি এছ য়েডিয়ুৰাপ্পাই নিজৰ পদত্যাগ পত্ৰ ৰাজ্যপালৰ হাতত অৰ্পণ কৰে। পদত্যাগ কৰিয়ে বি এছ য়েডিয়ুৰাপ্পাই কয় যে তেওঁক পাৰ্টীৰ ফালৰ পৰা কোনো ধৰণৰ হেঁচা প্ৰদান কৰা হোৱা নাই। তেওঁ নিজেই মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছে।
বি এছ যাদুৰাপ্পাই আৰু কয় যে তেওঁ পাৰ্টীক শক্তিশালী কৰাৰ বাবে কাম কৰি যাব। কৰ্ণাটকৰ ৰাইজৰ বাবে তেওঁৰ বহু কাম কৰিব লগীয়া আছে। আমি সকলোৱে একত্ৰিত হৈ কাম কৰিব লাগিব বুলিও কয় বি এছ য়েডিয়ুৰাপ্পাই। মই সদায় অগ্নি পৰীক্ষা দি আহিছোঁ বুলিও মন্তব্য কৰে বি এছ য়েডিয়ুৰাপ্পাই।
সোমবাৰে কৰ্ণাটকত বিজেপি চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এক উখল মাখল পৰিৱেশ বিৰাজ কৰিছে কৰ্ণাটকত। বি এছ য়েডিয়ুৰাপ্পাই বিজেপিৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা বহু অনুষ্ঠানত অংশগ্ৰহণ কৰে।
লগতে পঢ়ক : কাল কৰোণাই চহা খেতিয়কৰ জীৱনলৈ নমাই আনিছে ঘোৰ অমানিশা
উল্লেখ্য যে ২০১৮ চনত কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পিছত কৰ্ণাটকত কংগ্ৰেছ আৰু জে ডি এছ মিলি চৰকাৰ গঠন কৰিছিল। কংগ্ৰেছ আৰু জে ডি এছৰ চৰকাৰ মাত্ৰ এবছৰ আছিল। পিছত বিজেপিয়ে বি এছ য়েডিয়ুৰাপ্পাৰ লগত মিলিত হৈ কৰ্ণাটকত চৰকাৰ গঠন কৰে।