নিউজ ডেস্ক : ইমান দিনে যোগাসন আৰু আয়ুৰ্বেদে তেওঁক কোৰোনা ভাইৰাছৰ পৰা ৰক্ষা কৰিব বুলি দাবী কৰি ক’ভিড ভেকচিনৰ প্ৰয়োজন নাই বুলি কৈ অহা বাবা ৰামদেৱে অৱশেষত ক’ভিডৰ টীকাকৰণৰ বাবে ৰাজী হ’ল।
কিছুদিন আগলৈকে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ সৈতে বিতৰ্কত লিপ্ত হৈ অহা যোগগুৰু এতিয়া চিকিৎসকলক “পৃথিৱীত ঈশ্বৰৰ দূত” বুলি বৰ্ণনা কৰে। বৃহস্পতিবাৰে ৰামদেৱে এই মন্তব্য কৰে।
উল্লেখযোগ্য যে পতঞ্জলিৰ প্ৰতিষ্ঠাপক গৰাকীয়ে পূৰ্বতে কৈছিল যে, “তেওঁক কোনোধৰণৰ ক’ভিড ভেকচিনৰ প্ৰয়োজন নাই, কিয়নো তেওঁৰ যোগৰ নিপুণতাৰ বাবে সদায় সুৰক্ষিত হৈ থাকিব।” তেওঁ কভিড-১৯ৰ বিৰুদ্ধে এলোপেথিক ঔষধৰ কাৰ্যকাৰীতা সম্পৰ্কে মন্তব্য দি এক বিতৰ্কৰ সৃষ্টি কৰিছিল।
কিন্তু ইয়াৰ পৰিৱৰ্তে, এতিয়া ২১ জুনৰ পৰা সকলোকে বিনামূলীয়া ভেকছিন প্ৰদান কৰা সন্দৰ্ভত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা ঘোষণাক আদৰণি জনাই ৰামদেৱে ইয়াক এক “ঐতিহাসিক” পদক্ষেপ বুলি অভিহিত কৰে।
লগতে পঢ়ক : অভিনেত্ৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ; ভুৱা বাতৰি প্ৰচাৰৰ অভিযোগ
তেওঁ লগতে যোগগুৰু গৰাকীয়ে কয়, “ভেকছিনৰ দুয়োটা পালিৰ লগতে যোগ আৰু আয়ুৰ্বেদৰ দ্বৈত সুৰক্ষা প্ৰাপ্ত কৰিলে ইয়াৰ ফলত উৎপন্ন হোৱা শক্তিয়ে এগৰাকী ব্যক্তিক শক্তিশালী ঢাল হৈ সুৰক্ষা প্ৰদান কৰিব আৰু কোনো ব্যক্তিৰে কভিডৰ ফলত মৃত্যু নহ’ব।”
আনহাতে যোগগুৰু গৰাকীয়ে এলোপেথিক চিকিৎসকসকলৰ প্ৰশংসা কৰি কয় যে, “মই কোনো সংগঠনৰ বিৰোধী নহয়। ভাল এলোপেথিক চিকিৎসকসকল মানুহৰ বাবে এক প্ৰকৃত আশীৰ্বাদ। চিকিৎসক সকল পৃথিৱীত ঈশ্বৰৰ দূত।”
ইয়াৰ উপৰি তেওঁ জৰুৰীকালীন চিকিৎসা আৰু শল্যচিকিৎসাৰ ক্ষেত্ৰত এলোপেথিক শ্ৰেষ্ঠ বুলি কয়। ” জৰুৰীকালীন চিকিৎসা আৰু শল্যচিকিৎসাৰ ক্ষেত্ৰত এলোপেথিয়ে শ্ৰেষ্ঠ। ইয়াত আৰু বেলেগ মত থাকিবই নোৱাৰে,” তেওঁ কয়।
সাংবাদিকে তেওঁ কেতিয়া ভেকচিন ল’ব বুলি সোধাত যোগগুৰুজনে কয়, “অতি শ্ৰীঘ্ৰেই।”