নিউজ ডেস্ক : পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত ‘বছপন কা প্যাৰ’খ্যাত সহদেৱ ডিৰ্ডো। মঙলবাৰে এক বাইক দুৰ্ঘটনাত আহত হৈছিল সহদেৱ ডিৰ্ডো। জনপ্ৰিয় ৰেপাৰ বাদশ্বহে সহদেৱ ডিৰ্ডোৰ সৈতে কণ্ঠদান কৰিছিল ‘বছপন কা প্যাৰ’ গীতত।
‘বছপন কা প্যাৰ’ গীতেৰে সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰি জনপ্রিয় হৈ পৰা ১০ বছৰীয়া কণমানি সহদেৱ ডিৰ্ডো এক পথ দুৰ্ঘটনাত আহত হৈছে। কণমানি সহদেৱ ডিৰ্ডোৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : খুমটাইত বগা বৰণৰ ব্যঞ্জনেৰে ৰাইজৰ পূজা-অৰ্চনা
মঙলবাৰে ছত্তীশগড়ৰ চুকমা জিলাত এক ভয়ংকৰ বাইক দুৰ্ঘটনাত আহত হৈছিল সহদেৱ ডিৰ্ডো। জগদলপুৰৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে সহদেৱ ডিৰ্ডো। ৰেপাৰ বাদশ্বহই সহদেৱ ডিৰ্ডোৰ খবৰ লৈ আছে বুলিও জানিব পৰা গৈছে।