মহম্মদ ছাহাবুদ্দিন

নিউজ ডেস্ক : ক’ভিডত আক্রান্ত হৈ মৃত্যু ঘটিল বিহাৰৰ বাহুবলী নেতা ছাহাবুদ্দিনৰ। শনিবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে ছাহাবুদ্দিনৰ। হত্যাৰ অভিযুক্ত ছাহাবুদ্দিন তিহাৰ জেলত আজীৱন কাৰাবাসত বন্দী হৈ আছিল। কাৰাগাৰৰ ভিতৰতে ক’ভিডত আক্রান্ত হৈছিল বিহাৰৰ বাহুবলী নেতাজন।

দেশত ক’ভিড মহামাৰীৰ সংহাৰ অব্যাহত আছে। প্ৰতিদিনে দেশত কভিডত আক্রান্ত হৈ মৃত্যুৰ মুখত পৰিছে হাজাৰ হাজাৰ লোক। আনকি কভিডৰ তাণ্ডৱৰ পৰা ৰক্ষা পৰা নাই কাৰাগাৰৰ ভিতৰত থকা কাৰাবন্দী সকল। কাৰাগাৰৰ ভিতৰৰ থকা বহু কাৰাবন্দীৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি।

ক’ভিডত আক্রান্ত হৈ মৃত্যু ঘটিছে কেইবাজনো কাৰাবন্দীৰ। এইবাৰ কাৰাগাৰৰ ভিতৰত ক’ভিডত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি ল’লে বিহাৰৰ বাহুবলী নেতা ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰাক্তন সাংসদ ছাহাবুদ্দিন। শনিবাৰে ক’ভিডত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লয় ছাহাবুদ্দিন।

প্ৰায় ১০ দিন পূৰ্বে তিহাৰ জেলৰ ভিতৰৰ ক’ভিডত আক্রান্ত হোৱা ছাহাবুদ্দিনক কাৰাগাৰৰ ভিতৰতে চিকিৎসা প্ৰদান কৰা হৈছিল যদিও বিহাৰৰ বাহুবলী নেতা গৰাকীৰ শৰীৰক অৱস্থাৰ অৱনতি ঘটাত তেওঁক দিল্লীস্থিত দিনদয়াল উপাধ্যায় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

শুকুৰবাৰে নিশাৰ ভাগত ছাহাবুদ্দিনৰ অৱস্থা অধিক সংকটজনক হৈ পৰে আৰু শনিবাৰে তেওঁৰ মৃত্যু ঘটে। উল্লেখ্য যে হত্যাৰ গোচৰত অভিযুক্ত ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰাক্তন সাংসদ ছাহাবুদ্দিনক ২০১৮ চনত বিহাৰৰ শিৱান জেলৰ পৰা তিহাৰ জেললৈ অনা হৈছিল। তিহাৰ জেলত আজীৱন কাৰাবাসত বন্দী হৈ আছিল ছাহাবুদ্দিন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply