নিউজ ডেস্কঃ দোকানখনত প্ৰৱেশ কৰাৰ লগে লগে এখন বিশেষ জাননীত চকু পৰে গ্ৰাহকৰ। জাননীখন দেখাৰ লগে লগে সকলোৰে এবাৰলৈ হ’লেও দোকানীজনৰ প্ৰতি শ্ৰদ্ধা জাগি উঠিব। ব্যস্ত পৃথিৱীখনত বৰ্তমানেও এনেকুৱা লোক আছে যিয়ে অনাথ শিশুসকলৰ উন্নতিৰ বাবে, দুমুঠি খাদ্য যোগান ধৰাৰ বাবে তথা তেওঁলোকৰ শিক্ষাৰ বাবে নিৰন্তৰ ভাৱে কাম কৰি আছে। ছ’চিয়েল মিডিয়াত এনে এখন ফটো ভাইৰেল হৈ পৰিছে যিখন ফটোৱে সকলোৰে হৃদয় স্পৰ্শ কৰি গৈছে।

দোকানখনক এখন বগা কাগজত হিন্দী ভাষাত লিখা আছে ‘ফ্ৰি ফ্ৰি ফ্ৰি’, বয়স ০-১৪বছৰৰ পিতৃ-মাতৃ নথকা ল’ৰা-ছোৱালীৰ বাবে কেক ফ্ৰি’

আইএএছ বিষয়া অৱনীশ শৰণে এই ফটোখন টুইটাৰত শ্বেয়াৰ কৰিছে। ছবিখন পোষ্ট কৰাৰ পিছত, তেওঁ শিৰোনামটোত লিখিছিল, ‘দোকানৰ মালিকজনৰ প্ৰতি মোৰ মৰম আৰু সন্মান। ‘

জানিব পৰা মতে, এই দোকানখন উত্তৰ প্ৰদেশৰ দেওৰিয়াৰ। ফটোখন এই ফটোখন যথেষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। টুইটোত বহুতে বিভিন্ন মন্তব্য আগবঢ়াইছে। এজনে দোকানখনৰ মালিকলৈ লিখিছে, ‘আপুনি লাখ লাখ লোকৰ বাবে অনুপ্ৰেৰণা। আপোনাৰ প্ৰতি যথেষ্ট মৰম আৰু সন্মান। ‘

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply