গুৱাহাটীঃ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেশখনৰ বিখ্যাত আম্ৰপালী আম উপহাৰ স্বৰূপে পঠালে অসমৰ মুখ্যমন্ত্ৰীলৈ। বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত শ্বাহ মোঃ তানভিৰ মনচুৰে শুকুৰবাৰে নিশা মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ সিনহাৰ হাতত উপহাৰটো প্ৰদান কৰে। ৰাজ্যখনৰ এগৰাকী আদৰ্শ ব্যক্তি হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ২০০ কিলো আম প্ৰেৰণ কৰিছে।
বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তগৰাকীয়ে কৈছিল যে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দুয়োখন দেশৰ সম্পৰ্ক বন্ধুত্বলৈ গঢ় লৈ উঠিছে। এই প্ৰচেষ্টাত অসমৰ মুখ্যমন্ত্ৰীৰো বিশেষ ভূমিকা আছে। সেয়েহে অসমৰ বিশিষ্ট ব্যক্তিগৰাকীৰ বাবে সৰ্বশ্ৰেষ্ঠ মানদণ্ডৰ আম প্ৰেৰণ কৰিছে। বাংলাদেশৰ এই উপহাৰে দুয়োখন দেশৰ মাজৰ সম্পৰ্কলৈ আৰু মধুৰতা কঢ়িয়াই আনিব।
উপহাৰগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধান সচিব সমীৰ সিনহাই মুখ্যমন্ত্ৰী আৰু অসমবাসীৰ হৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনালৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
উল্লেখ্য যে, যোৱা মাহৰ আৰম্ভণিতে শ্বেখ হাছিনাই ভাৰতীয় ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ আম প্ৰেৰণ কৰিছিল। পিছে একাংশই ‘আম-হিলচা কূটনীতি’ বুলি অভিহিত কৰি চুবুৰীয়াসকলক উপহাৰেৰে আকৰ্ষিত কৰাৰ এক ষড়যন্ত্ৰ বুলিও অভিহিত কৰিছে।