নিউজ ডেস্ক : বাংলাদেশৰ ৰাজধানী ঢাকাত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় ৫২ জন লোকে প্ৰাণ হেৰোৱাব লগা হোৱাৰ লগতে ৫০ জনতকৈ অধিক লোক আহত হয়। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে ঢাকাৰ এটা ছয় মহলাযুক্ত জুচ ফেক্টৰিত উক্ত অগ্নিকাণ্ডটো সংঘটিত হয়।
অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াৰ মতে বৃহস্পতিবাৰে আৱেলি প্ৰায় ৫ বজাত ঢাকাৰ নাৰায়ণগঞ্জত থকা শ্বেহজান জুচ ফেক্টৰিত উক্ত অগ্নিকাণ্ডটো ঘটে।
ফেক্টৰিটোৰ তলৰ মহলাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটা বুলি সন্দেহ কৰা হৈছে আৰু ৰাসায়নিক দ্ৰব্য তথা প্লাষ্টিক বটলৰ ফলত ই খুব ক্ষিপ্ৰতাৰে বিয়পি পৰে।
ঢাকা ত্ৰিব্যুনত প্ৰকাশ পোৱা মতে অগ্নিকাণ্ডটোত ৫২ গৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে ৫০ জনতকৈ অধিক লোক আহত হৈছে। বহুকেইগৰাকী শ্ৰমিকে বিল্ডিংটোৰ পৰা জপিয়াই নিজৰ প্ৰাণ ৰক্ষা কৰে বুলি সংবাদ পত্ৰখনত কোৱা হৈছে।
লগতে পঢ়ক : ধুবুৰীত ৫০ ঊৰ্ধ্বৰ শিক্ষকৰ কামনাৰ বলি হ’ল ১০ বছৰীয়া শিশু
অগ্নিকাণ্ডটোৰ তদন্তৰ বাবে জিলা প্ৰশাসনে পাঁচজনীয়া সদস্যৰ এখন তদন্ত কমিটি গঠন কৰিছে।