নিউজ ডেস্ক : বাংলাদেশৰ এটা দূৰ্গা পূজা মণ্ডপত চলা সাম্প্ৰদায়িক সংঘৰ্ষৰ সৈতে জড়িত থকাৰ অভিযোগত দেশখনৰ আৰক্ষীয়ে ৪৩ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।
উল্লেখযোগ্য যে দেশখনৰ কোমিলা চহৰৰ এটা পূজা মণ্ডপত পবিত্ৰ কোৰাণক অপমান কৰা বুলি সামাজিক মাধ্যমত প্ৰচাৰ হোৱা উৰা বাতৰিক কেন্দ্ৰ কৰি একাংশ পূজা মণ্ডপত আক্ৰমণৰ সূত্ৰপাত ঘটে।
বুধবাৰৰ পৰা আৰম্ভ হোৱা উক্ত আক্ৰমণত ৩ জনকৈ লোকে প্ৰাণ হেৰুৱাৰ লগতে বহু কেইজন লোক আঘাটপ্ৰাপ্ত হয়। একাংশ উন্মাদ আক্ৰমণকাৰীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অহা আৰক্ষীৰ ওপৰতো আক্ৰমণ চলাই বুলি দেশখনৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে।
Dhaka Tribune -ত প্ৰকাশ পোৱা খবৰ অনুসৰি চিট্টাগং আৰক্ষীয়ে কোমিলাত দূৰ্গা পূজা মণ্ডপত আক্ৰমণৰ সৈতে জড়িত থকাৰ অভিযোগত ৪৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীয়ে সামাজিক মাধ্যমত প্ৰচাৰ হোৱা আপত্তিকৰ ভিডিঅ’টো আপল’ড কৰা ফায়েজ উদ্দিন নামৰ লোকজনক আটক কৰি জেৰা আৰম্ভ কৰিছে, তিনি দিনৰ ভিতৰত আৰক্ষীয়ে এই সম্পৰ্কত প্ৰতিবেদন জমা দিব।
বিহস্পতিবাৰে পুৱাৰ ভাগতো একাংশ দুৰ্বৃত্তই কেইবাটা দূৰ্গা পূজা মণ্ডপত আক্ৰমণ চলাই মুৰ্তি আদিও ভাঙি পেলায়।
Bangladesh Hindu Unity Council – এ এই আক্ৰমণৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰি তেওঁলোকে কোৰাণক সন্মান কৰে বুলি উল্লেখ কৰি মুছলমান ধৰ্মাৱলম্বী লোকসকলক উৰা বাতৰিত ভোল গৈ পূজা মণ্ডপসমূহত আক্ৰমণ নকৰিবলৈ আহ্বান জনায়।
লগতে পঢ়ক :