ফটো টুইটাৰৰ পৰা সংগৃহীত

নিউজ ডেস্ক: প্ৰায় তিনি বছৰ পিছত চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনা আজি নতুন দিল্লীত উপস্থিত হয়। এই চাৰিদিনত দুয়োখন দেশৰ মাজত জল ব্যৱস্থাপনা, ৰে’লৱে আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ৭খনকৈ চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে।

আজি দিল্লী বিমানবন্দৰত কেন্দ্ৰীয় ৰাজ্যিক ৰে’ল মন্ত্ৰী দৰ্শনা জাৰডোশ উপস্থিত হৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীক আদৰণি জনায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে শ্বেইখ হাছিনা ভাৰতলৈ অহা বুলি দেওবাৰে সংবাদ মাধ্যমৰ আগত বাংলাদেশৰ বৈদেশিক মন্ত্ৰী ড০ এ কে আব্দুল মোমিনে জানিবলৈ দিয়ে।

হাছিনাই তেওঁৰ চাৰিদিনীয়া ভ্ৰমণ সমাপ্ত কৰাৰ পিছত ৮ ছেপ্টেম্বৰত বাংলাদেশলৈ উভতি যোৱাৰ কথা আছে।

ভ্ৰমণৰ প্ৰথম দিনা তেওঁ দিল্লীৰ হজৰত নিজামুদ্দিন আউলিয়া দৰগাহ ভ্ৰমণ কৰাৰ কথা আছে। ইয়াৰ উপৰি তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব।

ইয়াৰ উপৰি বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখাৰ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰাৰ কথা আছে।

ভ্ৰমণৰ অন্তিম দিনটোত, তেওঁ ৰাজস্থানৰ আজমেৰত থকা ছুফী সন্ত মইনুদ্দিন চিষ্টিৰ দৰগাহ দৰ্শন কৰাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক – ‘এখনেই বিদ্যালয় স্থাপন কৰক যিখন বিদ্যালয়ত পঢ়িবৰ বাবে ৰাতি ২বজাৰ পৰাই নামভৰ্তিৰ বাবে লাইন পাতিব লাগে’:মুখ্যমন্ত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply