নিউজ ডেস্কঃ আজিৰে পৰা বেংকৰ গ্ৰাহকসকলে এঘন্টা অধিক লাভ কৰিব বেংকত থকা কামবোৰ কৰিবলৈ। হয় ভাৰতৰ বেংকসমূহৰ ক্ষেত্ৰত জাৰি কৰা হৈছে এক নতুন নিয়ম। এতিয়াৰে পৰা বেংকসমূহ পুৱা ১০ বজাৰ পৰিৱৰ্তে ৯ বজাতে খুলিব লাগিব।
ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া চমুকৈ আৰবিআই-য়ে এই নিৰ্দেশ প্ৰদান কৰিছে। ১৮ এপ্ৰিল, ২০২২ৰ পৰা বেংকসমূহ খোলাৰ সময় সলনি কৰা হৈছে যদিও বন্ধ কৰাৰ সময় পূৰ্বৰ দৰেই থাকিব। ইয়াৰ অৰ্থ এই যে এতিয়াৰ পৰা গ্ৰাহকে এঘন্টা বেছিকৈ বেংকৰ কাম-কাজসমূহ কৰিবলৈ সময় পাব।
উল্লেখযোগ্য যে, কোৰোনা মহামাৰীৰ সময়ত সংক্ৰমণ যাতে বৃদ্ধি নাপায় তাৰ বাবে পুৱা বেংকসমূহ খোলাৰ সময় পিচুৱাই দিয়া হৈছিল। কিন্তু এতিয়া পুনৰ আৰবিআইৰ নতুন নিৰ্দেশ মতে পুৱা ৯ বজাৰ পৰাই খোলা হ’ব সকলো বেংক।