বলীউডৰ বিখ্যাত সংগীত পৰিচালক,গায়ক সুৰকাৰ বাপ্পি লাহিড়ী মৃত্যু। বুধবাৰে পুৱাই মুম্বাইৰ জুহুৰ ক্ৰিটি কেয়াৰ হস্পিটেলত মৃত্যু হয় শিল্পী গৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯ বছৰ।
বাপ্পি লাহিড়ী কিছু দিন ধৰি অসুস্থ হৈ আছিল আৰু ক্ৰিটি কেয়াৰ হস্পিটেলত চিকিৎসাধীন হৈ আছিল।
বাপ্পী লাহিড়ীয়ে বলীউডত ডিস্কো আৰু পপ সংগীতৰ যুগ আৰম্ভ কৰিছিল। বেশভূষাৰ বাবেও জনপ্ৰিয় আছিল বাপ্পী লাহিড়ী।১৯৯৬ চনত মুম্বাইত তেওঁৰ প্ৰথম অনুষ্ঠানলৈ মাইকেল জেকছনে আমন্ত্ৰণ জনোৱা বাপ্পী লাহিড়ী একমাত্ৰ সংগীতজ্ঞ আছিল।
১৯৭০-৮০ দশকত বলীউডৰ ৰকসংগীতেৰে এক নতুন যুগৰ সূচনা কৰিছিল। “ডিস্ক’ ডেন্সাৰ”, ছাৰাবি, চলতে চলতে আদি বহু বোৰ জনপ্ৰিয় গীতৰ স্ৰষ্টা আছিল বাপ্পী লাহিড়ী। ২০২০ চনত বাগী-৩ ছবিত অন্তিম গীত গাইছিল।