নিউজ ডেস্কঃ বলীউদৰ দিগ্বজ কন্ঠশিল্পী বাপ্পী লাহিড়ী কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে।
মুম্বাইৰ ব্ৰীচ কেণ্ডি হস্পিতালত ভৰ্তি কৰোৱা হৈছে শিল্পী গৰাকীক।
বাপ্পী লাহিড়ীৰ কন্যা ৰীমা লাহিড়ী বাঞ্চালে এই সন্দৰ্ভত কয় , ”বাপ্পী দায়ে কৰোণাৰ গাইডলাইন নিয়মীয়াকৈ পালন কৰি আহিছে। সকলো ধৰণৰ সাৱধানতোয়ো অৱলম্বন কৰিছে তথাপিও এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’ল।”
আৰু পঢ়কঃছুপাৰষ্টাৰ ৰজনীকান্তলৈ দাদা চাহেব ফাল্কে বঁটা প্ৰদান
সংগীতজ্ঞগৰাকীৰ তৰফৰপৰা যিসকল লোক তেওঁৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকক অতি সোনকালে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ লগতে সোনকালে আৰোগ্য লাভ কৰিবলৈ প্ৰাৰ্থনা কৰে৷ অৱশ্যে তেওঁ বৰ্তমান সুস্থ বুলিয়ে প্ৰকাশ কৰে ৷